• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজনিশা আৰক্ষীৰ পৰা ফোন আহিল জীপালৰ নেতা সোণেশ্বৰ নৰহলৈ  

আনহাতেদি যোৱা ৰাতি নলবাৰীৰ অন্যতম প্ৰতিবাদী কন্ঠ জ্ঞানেন চক্ৰৱৰ্তীক শুৱাপাটিৰ পৰা কিয় হিমন্তৰ পুলিচ বাহিনীয়ে উঠাই নিলে সেয়া সচেতন সকলো ৰাইজে বুজি পাইছে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীৰ এই কাণ্ডক জীপাল কৃষক-শ্ৰমিক সংঘই ধিক্কাৰ জনায়। 

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
November 3, 2023 3:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনগণৰ সমস্যা সমাধান কৰাৰ বিপৰীতে জীপাল কৃষক-শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহক মাজনিশা ফোন কৰি আৰক্ষীয়ে থানালৈ মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংগঠনটোৰ ভিতৰ চ’ৰাত৷ 

জীপালৰ সহকাৰী সম্পাদক জাহিৰুদ্দিন আহমেদ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে এক বিবৃতিযোগে জনোৱা অনুসৰি, যোৱা ২ নৱেম্বৰৰ মাজৰাতি প্ৰায় ১১-৪০ত আৰক্ষী বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহক ৩ নৱেম্বৰৰ দিনৰ ১১ বজাত কাজিৰঙাৰ কহঁৰা আৰক্ষী চকীলৈ যাবলৈ কয়৷ 

নৰহক গোলাঘাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে লগ পাব খোজা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু, জনতাৰ হৈ মাত মতা এগৰাকী ব্যক্তিক এইদৰে হিমন্ত বিশ্বৰ আৰক্ষী বাহিনীয়ে কৌশলগতভাৱে মাতি দমন কৰাৰ ষড়যন্ত্ৰ জীপাল কৃষক-শ্ৰমিক সংঘই কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে৷ 

জীপালে কয়, “এনে ধৰণৰ প্ৰেকটিচ আমাৰ ক্ষেত্ৰত কাহানিও নাছিল।’ কথা হ’ল, জীপালৰ প্ৰতিগৰাকী কৰ্মকৰ্তা একোগৰাকী একটিভিষ্ট হিচাপে সকলো কামৰ লিখিত স্মাৰক পত্ৰ মহকুমাধপতি, জিলা উপায়ুক্তলৈ অথবা তেওঁলোকৰ যোগেদি মুখ্যমন্ত্ৰীলৈ মুকলিকৈ প্ৰদান কৰি আহিছে। তদুপৰি, জীপালে সুস্থ আলোচনা, ৰাজহুৱা শুনানী বিচাৰি স্মাৰক পত্ৰত উল্লেখ কৰি, সেই অনুসৰি গণতান্ত্ৰিক সংগঠনৰ লগত অথবা নেতৃস্থানীয় ব্যক্তিৰ লগত কথা পতাৰ এক সুস্থ প্ৰশাসনিক নীতি আছে আৰু থাকিব লাগিব। এই ক্ষেত্ৰত মহকুমাধপতি, জিলা উপায়ুক্ত, দণ্ডাধীশ আদিৰ জৰিয়তে আলোচনা দিয়াৰ পূৰ্ব নিয়ম আছে আৰু থাকিব লাগিব।’’

জীপালৰ সৈতে প্ৰত্যক্ষ আলোচনা একমাত্ৰ অসামৰিক প্ৰশাসনিক বিষয়াইহে উদ্যোগ লোৱা উচিত বুলি উল্লেখ কৰি পেগুৱে কয়, পুলিচৰ লগতো প্ৰত্যক্ষ আলোচনা হ’ব পাৰে, কিন্তু ই বিভাগীয় তদন্তৰ ক্ষেত্ৰত সহযোগিতা হ’ব পাৰে, কিন্তু ই চৰকাৰীভাবে লিখিত বা ঘোষিত হ’ব লাগিব৷ অন্যথা জীপালৰ কোনো সতীৰ্থৰ পৰা তেনে ৰাজহুৱা এজেণ্ডাবিহীন আলোচনা জাতীয় ব্যৱহাৰ আশা নকৰা ভাল। 

আনহাতেদি যোৱা ৰাতি নলবাৰীৰ অন্যতম প্ৰতিবাদী কন্ঠ জ্ঞানেন চক্ৰৱৰ্তীক শুৱাপাটিৰ পৰা কিয় হিমন্তৰ পুলিচ বাহিনীয়ে উঠাই নিলে সেয়া সচেতন সকলো ৰাইজে বুজি পাইছে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীৰ এই কাণ্ডক জীপাল কৃষক-শ্ৰমিক সংঘই ধিক্কাৰ জনায়। 

জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ প্ৰতি আৰক্ষীয়ে কৰা কৰ্ম সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি কয় যে চৰকাৰী বাহিনীৰ যদি কিবা তথ্য প্ৰমাণ আছে তেন্তে, মুকলিকৈ ঘূৰি ফুৰা মানুহ জনক গোচৰ সম্পৰ্কীয় জাননী কিয় দিয়া নহ’ল বুলিও ভৎৰ্সনা কৰে৷ 

জীপাল কৃষক-শ্ৰমিক সংঘই ক্ষোভ প্ৰকাশ কৰি কয় যে সম্প্ৰতি অসমত কোনো গণ সংগঠনে ৰাজআলিত আন্দোলন কৰিব লগা হোৱা নাই জাতীয় নেৰেটিভ এটা প্ৰচাৰ কৰি হিমন্তবিশ্ব শৰ্মাই অসমখনত এতিয়া শান্তি বিৰাজমান বুলি দেখুৱাব বিচৰাৰ সময়ত আঙুলিৰ মূৰত গণিব পৰা সংগঠন অথবা নেতৃস্থানীয় লোকসমূহ স্পষ্ট। গতিকে ইয়াৰ ভিতৰত আমাৰ জীপাল কৃষক শ্ৰমিক সংঘও আপোচহীনভাৱে ধাৰাবাহিক প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি আছে। গতিকে ইয়াৰ স্থিমিতকৰণৰ পুলিচিঅ’ মেজাজ বা এজেণ্ডা বুজি নোপোৱা নহয়। 

জীপালৰ মুখপাত্ৰ পেগুৱে কয় যে আমাৰ সংগঠনৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ নামত যদি চৰকাৰী গোচৰ আছে তাক ৰাজহুৱা কৰি স্বচ্ছতাৰ পৰিচয় দিয়ক চৰকাৰে৷ ইয়াৰ বিপৰীতে জীপালে কয় যে কাজিৰঙাৰ থলুৱা নৃগোষ্ঠীয় লোক সকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা, কাজিৰঙাৰ ডি এফ অ, অগৰাতলিৰ ৰেঞ্জাৰক নিৰীহ লোকক অত্যাচাৰ কৰাৰ অপৰাধত নিদৰ্শন মূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰা, পুলিচৰ অত্যাচাৰৰ বলি সহিব নোৱাৰি আত্মহনন কৰা দেৰগাঁও দলৌমুখৰ অজয় দত্তৰ পৰিয়ালক ন্যায় দিয়াৰ ব্যৱস্থা কৰা, বংকোৱাল বালি চাপৰিৰ বাসিন্দাক দিব লগা লেণ্ড চেটলমেন দিয়াৰ ব্যৱস্থা কৰা, বসুন্ধৰাৰ আবেদনৰ যোগেদি ভূমিৰ অধিকাৰ লাভ কৰা পৰিয়ালক শীঘ্ৰেই ভূমি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী তোলে৷ 

আনহাতে, বৃহৎ নদীবান্ধ আশীৰ্বাদ হ’ব বুলি কৰা চৰকাৰী ঘোষণাই আজি অভিশাপ হিচাপে দেখা দিয়াৰ বিষয়বোৰ গণতান্ত্ৰিকভাৱে তুলি ধৰাৰ বাবে যদি পুলিচৰ ৰোষত পৰিব লাগে তাত আমাৰ আপত্তি নাই বুলি জীপালে প্ৰেছ বিবৃতিযোগে স্পষ্টকৈ উল্লেখ কৰে৷

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd