পিতৃয়ে আইফোন নিদিলে : নিজৰেই অপহৰণৰ নাটক ৰচি ধনদাবী পুত্ৰৰ

উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। পুত্ৰই বহুদিনলৈ আন্তৰিকতাৰে দেউতাকক আইফোন এটা কিনিবলৈ কৈছিল। ইমান বেছি দামত ফোনটো কিনিবলৈ সামৰ্থ্য নথকাৰ বাবে পিতৃয়ে পুত্ৰৰ কথা ৰাখিব নোৱাৰিলে। সেয়ে পুত্ৰই ৰচনা কৰিলে অপহৰণৰ নাটক।

অভিযুক্ত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। জন্মৰ পিছতেই মাতৃক হেৰুৱাইছিল ছাত্ৰজনে। কষ্টেৰে দৰিদ্ৰ পিতৃয়ে অকলেই তুলি তালি ডাঙৰদীঘল কৰিছিল ছাত্ৰজনক।

ছাত্ৰজনে প্ৰায়ে পিতৃক আইফোন এটা কিনিবলৈ কৈ আছিল। পিতৃ পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী। স্থানীয় বজাৰত তেওঁৰ এখন সৰু কাপোৰৰ দোকান আছে। তেওঁ পুত্ৰক জনাইছিল যে তেওঁ আইফোন কিনিব পৰা সামৰ্থ্য নাই।

কিন্তু পুত্ৰই যেন নুবুজিলে পিতৃৰ অসমৰ্থতাৰ কথা। যিকোনো প্ৰকাৰে তেওঁ আইফোন কিনি দিবলৈ দাবী কৰে পিতৃক।

অৱশেষত আইফোন নাপাই বন্ধু এজনৰ সৈতে লগ লাগি তেওঁ ৰচনা কৰিলে অপহৰণৰ নাটক।

পঢ়াশালিৰ পৰা ঘৰলৈ উভতি নোযোৱাকৈয়ে সি পোনে পোনে বন্ধুৰ ঘৰলৈ গ’ল। বিদ্যালয় ছুটী হোৱা কেইবাঘণ্টাৰ পিছতো পুত্ৰ ঘৰলৈ নহা দেখি পিতৃয়ে পুত্ৰক বিচাৰিবলৈ ধৰিলে।

অৱশেষত এটা অচিনাক্ত নম্বৰৰ পৰা পিতৃলৈ হোৱাটছএপত এটা ফোন আহে। তেওঁক কোৱা হয় যে যদি তেওঁ পুত্ৰক ঘূৰাই পাব বিচাৰে তেন্তে ৫ লাখ টকা মুক্তিপণ দিব লাগিব। এই ফোন পোৱাৰ লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ তদন্তৰ পিছতেই আৰক্ষীয়ে বন্ধুজনৰ লগত উদ্ধাৰ কৰে ছাত্ৰজনক। এটা আইফোনৰ বাবে পুত্ৰৰ এই কাৰ্য দেখি পিতৃও স্তম্ভিত হৈ পৰে।

এই কামত সহায় কৰাৰ বাবে বন্ধুজনৰ সৈতে ছাত্ৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।