পঞ্চায়ত নিৰ্বাচন পৰিত্যাগ কৰিব শোণিতপুৰৰ থিয় আটী কলাবাৰী ৰাজুৱাৰ গাঁৱৰ গাঁৱবাসীয়ে

Panchayat-Raj-in-India

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত ১নং বিহগুৰি আৰু বাঁহবাৰী পঞ্চায়তৰ অন্তৰ্গত থিয় আটী কলাবাৰী ৰাজুৱাৰ গাঁৱৰ গাঁৱবাসীসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত গাঁৱবাসীসকলে কোনো দলকেই ভোট নিদিয়াটো ঠিৰাং কৰিছে। আনকি, যদিহে কোনোবাই ভোট দিয়ে সেইজনক ৫০০ টকা জৰিমণাসহ ১২ বছৰৰ বাবে এঘৰীয়া কৰিব বুলি  গাঁৱবাসীসকলে হুমকি দিছে।

২১ তাৰিখ বুধবাৰে এটা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি গাঁৱবাসীসকলে অভিযোগ কৰিছে যে বিগত ২৭ বছৰ ধৰি তেওঁলোকে কোনো প্ৰাথমিক সা-সুবিধা লাভ কৰা নাই। এই গাঁওকেইখন গুৱাহাটীৰ পৰা ১৬৫ কিঃমিঃ, তেজপুৰৰ পৰা ১৫ কিঃমিঃ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৭ কিঃমিঃ দূৰত্বত অৱস্থিত।

সামগ্ৰিকভাৱে গাঁৱবাসীসকলে ৰাইজৰ প্ৰতিনিধিসকলে গাঁওখনৰ একমাত্ৰ পথ— বাঁহবাৰী-ন আলি পথটোৰ প্ৰতি প্ৰদৰ্শন কৰা অৱহেলাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এই পথটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে।

গাঁৱবাসীসকলে অভিযোগ কৰিছে যে বিগত ২৭ বছৰত আটাইকেইজন ৰাইজৰ প্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত আহি মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভাৰি আহিছে, কিন্তু ৰাইজৰ প্ৰতি কোনো দায়িত্ব পালন কৰা নাই। আনকি জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা খোৱা পানীৰ ব্যৱস্থাও আজি ৩বছৰ ধৰি বিকল হৈ পৰি আছে বুলি ৰাইজে অভিযোগ কৰিছে।

গাঁৱবাসীসকলে কৈছে যে যদিহে স্থানীয় বিধায়কজনে তেওঁলোকৰ দাবী পূৰণ নকৰে, তেন্তে আগন্তুক বৰ্ষৰ সংসদীয় নিৰ্বাচন তেওঁলোকে পৰিত্যাগ কৰিব।