চৰকাৰ আৰু উচ্ছেদিত দুয়ো পক্ষৰে হিংসাত্মক কাৰ্যক গৰিহণা ৰাইজৰ দলৰ

বেদখলমুক্ত জনজাতীয় অঞ্চল নহয়, সাম্প্ৰদায়িক উত্তেজনাৰে ৰাজনৈতিক সুযোগ গ্ৰহণ কৰাটোহে হিমন্ত বাহিনীৰ উদ্দেশ্য

কালি ৰাইজৰ দলৰ সম্পাদক জয়ন্ত কুমাৰ দাস, প্ৰদীপ বৰুৱাৰ নেতৃত্বত এটা প্ৰতিনিধি দল আৰু আজি পুনৰ সম্পাদক  আশ্ৰাফুল ইছলাম, মনিৰুজ জামানৰ নেতৃত্বত এটা প্ৰতিনিধি দলে  সোণাপুৰ কচুতলিৰ উচ্ছেদিত লোকসকলৰ মাজত উপস্থিত হৈ উচ্ছেদৰ নামত হোৱা ভয়াৱহ পৰিস্থিতিৰ বুজ লয়।

তেওঁলোকে উচ্ছেদৰ নামত চৰকাৰে চলোৱা হত্যাযজ্ঞৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে  উচ্ছেদিত সকলকো আইন হাতত তুলি নলবলৈ আহ্বান জনায়।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াইও উচ্ছেদৰ নামত চৰকাৰী যন্ত্ৰই হত্যালীলা সংঘটিত কৰাক তীব্ৰ ভাষাৰে নিন্দা কৰে।

একেসময়তে উচ্ছেদিত সকলকো আইন হাতত তুলি নলবলৈ আহ্বান জনাইছে ৰাইজৰ দলে। ৰাইজৰ দলে উল্লেখ কৰে এই উচ্ছেদ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ স্বাৰ্থৰক্ষাৰ বাবে নহয়, বৰঞ্চ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। সাম্প্ৰদায়িক ৰাজনীতিত সিদ্ধহস্ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে চৰকাৰৰ বিফলতা আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়ক তথা মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যাপক দুৰ্নীতিৰ কথা তল পেলাবলৈয়ে সময়ে সময়ে এনেবোৰ নাটক ৰচনা কৰি আহিছে।

উল্লেখ্য যে জনজাতিৰ বাবে সংৰক্ষিত এলেকা বেদখলমুক্ত কৰাৰ ব্যৱস্থা কৰা ৰাইজৰ দলৰ এক অন্যতম প্ৰধান দাবী । ৰাইজৰ দলৰ আত্মাস্বৰূপ অসমৰ জাতীয় কৰ্মসূচীত স্পষ্টকৈ অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া সকলৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰৰ বিষয়সমূহ।

ৰাইজৰ দলে উল্লেখ কৰে যে চৰকাৰে সদিচ্ছা দেখুৱাই বহিৰাগত বণিকগোষ্ঠীয়ে বিভিন্ন কূট কৌশলেৰে ভূমিপুত্ৰ সকলৰ পৰা হস্তগত কৰা হাজাৰ হাজাৰ বিঘা জনজাতীয় ভূমি মুক্ত কৰক। কিন্তু  সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ স্বাৰ্থতেই বান-গৰাখহনীয়া পীড়িত দৰিদ্ৰ ভূমিহীন লোকক টাৰ্গেট কৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোটৰ চৰকাৰে ধাৰাবাহিকভাৱে অমানৱীয় উচ্ছেদৰ কাৰ্যসূচী চলাৱাতো কোনোপধ্যেই মানি লব নোৱাৰি।

 ৰাইজৰ দলে প্ৰশ্ন কৰে চৰকাৰী যন্ত্ৰই প্ৰচাৰ কৰা ধৰণে যদি উচ্ছেদিত সকল  অবৈধ বিদেশী নাগৰিক তেন্তে এতিয়ালৈকে চিনাক্তকৰণ কৰি বিতাড়ন কৰাত কিয় ব্যৰ্থ হৈছে তথাকথিত ডাবল ইঞ্জিনৰ চৰকাৰৰাইজৰ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পিছত অহা হিন্দু, মুছলমান বা যিকোনো জাতি, ধৰ্মৰ লোককে বিতাড়নৰ দাবী জনাই আহিছে। 

সেয়ে ৰাইজৰ দলে দাবী জনাই যে যদিহে বেদখলকাৰী সকল অবৈধ নাগৰিক, অতিশীঘ্ৰে ন্যায়িক প্ৰক্ৰিয়াৰে বিতাড়নৰ ব্যৱস্থা কৰক আৰু যদি বৈধ ভাৰতীয় নাগৰিক উপযুক্ত ক্ষতিপূৰণ দি সংস্থাপনৰ ব্যৱস্থা কৰক।