অৰুণাচলত বিপদ সীমাৰ তলেৰে বৈ আছে ছিয়াং : অসমত শংকাৰ কাৰণ নাই

Helicopter- (1)

বৰষুণৰ ফলত হোৱা জলস্তৰৰ স্বাভাৱিক বৃদ্ধিয়েছিয়াঙৰ জলস্তৰ বৃদ্ধি কৰি অসম অৰুণাচল সীমান্তৰ জামপানী এলেকাত থকা কেতবোৰ দ্বীপ জলমগ্ন কৰাত ১৯ গৰাকী ব্যক্তি জলবন্দী হৈ পৰিছিল। শুকুৰবাৰে পুৱা তেওঁলোকক ভাৰতীয় বায়ুসেনাৰ হেলিকক্টাৰেৰেৰ উদ্ধৰ কৰা হৈছিল।

চীনৰ চাংপো নদীৰ ওচৰত ধাৰাসাৰে বৰষুণ হোৱাৰ বাতৰি অৱগত হোৱাৰ পাছত এই কথা অৰুণাচলৰ ৰাজ্যিক চৰকাৰক ভাৰত চৰকাৰৰ তৰফৰ পৰা জনাই দিছে। তাৰ পাছত অৰুণাচলৰ পূব ছিয়াঙৰ জিলা প্ৰশাসনে নামনি এলেকাসমূহত বাস কৰা লোকসকলক তেওঁলোকে ছিয়াং নদীত মাছ ধৰা, সাঁতোৰা আন কামৰ বাবে নাযায় তাৰ বাবে সতৰ্ক কৰি দিছিল।

কেন্দ্ৰীয় জল আয়োগৰ ৩০ আগষ্টত প্ৰকাশিত প্ৰাথমিক প্ৰতিৱেদনৰ উদ্ধৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে যদিহে টুটিং আৰু পাছিঘাটৰ মাজৰ বৰষুণৰ পানী ছিয়াং নদীত পৰা এলেকাসমূহত ধাৰাসাৰ বৰষুণ নহয়, তেন্তে চীনে এৰি দিয়া পানীয়ে কোনো বিপৰ্যয়ৰ সৃষ্টি কৰিব নোৱাৰে।

জলসম্পদ বিভাগৰ এটা সূত্ৰই কৈছে যে বৃহস্পতিবাৰে পুৱা ৯-০০ বজাত পাছিঘাটৰ পৰা ২১৩ কি:মি: উজনিত থকা কেন্দ্ৰীয় জল আয়োগৰ  টুটিং গে’জ ষ্টেশ্যনত ছিয়াং নদী ৪১৪.৭৯ মিটাৰত প্ৰৱাহিত হৈ আছিল। শুকুৰবাৰে পুৱা ৭-০০ বজাত ৪১৫.০৪ মিটাৰ আৰু একে দিনাই দুপৰীয়া ২-০০ বজাত ৪১৫.০২ মিটাৰ উচ্চতাত প্ৰৱাহিত হৈ আছিল। ডিব্ৰুগড় জলসম্পদ বিভাগৰ সূত্ৰোটৱে জনাইছে যে আবেলি ৩-০০ বজাৰ পৰা ছিয়াঙৰ জলস্তৰ ৪১৫.১৫ মিটাৰত স্থিৰ হৈ আছে।

আনহাতে পাছিঘাটত ছিয়াং নদী বৃহস্পতিবাৰে দিনৰ ১১-০০ বজাত ১৫৩.৪০ মিটাৰত প্ৰৱাহিত হৈ আছিল। বৃহস্পতিবাৰে নিশা ১২-০০ বজাত ১৫৩.২৭ মিটাৰ আৰু শুকুৰবাৰে দিনৰ ২-০০ বজাত ১৫৩.২৮ মিটাৰ উপৰেৰে বৈ আছিল। পাছিঘাটত শুকুৰবাৰে দিনৰ ২-০০ বজাৰ পৰা ৫-০০ বজাৰ ভিতৰত ছিয়াং নদীয়ে প্ৰতি ঘণ্টাত ১ চেণ্টিমিটাৰতকৈও কম বৃদ্ধিৰ প্ৰৱণতা দেখুৱাইছিল। পাছিঘাটত ছিয়াঙৰ বিপদসীমা হৈছে ১৫৩.৯৬ মিটাৰ।

চীনে ছিয়াং নদীত প্ৰতি ছেকেণ্ডত ৯০২০ ঘনমিটাৰ পানী এৰি দিলেও সেই বিষয়ত আশংকাত ভোগাৰ প্ৰয়োজন নাই বুলি আসশ্বাস দিছে জলসম্পদ বিভাগে। তিব্বতত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চীনে পানীখিনি এৰি দিছে।

দ্য আছাম ট্ৰিবিউন কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে অৰুণাচলত ছিয়াং নদী ৭৫৬ মিটাৰ বহল আৰু উক্ত পানীখিনিয়ে জলস্তৰ মাথোঁ ৩ মিটাৰলৈহে বৃদ্ধি কৰিব পাৰিব। আৰু অসমত প্ৰৱেশ কৰাৰ পাছত জোনাইত ইয়াৰ প্ৰস্থ ৭ কি:মি:ৰ আশে পাশে হোৱাৰ ফলত জলস্তৰ মাত্ৰ ৩০ চেণ্টিমিটাৰহে বাঢ়িব বুলি কৈছে জলসম্পদ বিভাগে।