কেইবছৰমানৰ পৰা অসমত ধৰ্ম-পালন-প্ৰদৰ্শনৰ প্ৰকোপ অস্বাভাৱিকভাৱে চৰিছে। চৰকাৰৰ পৃষ্ঠপোষকতাতে নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক, ব্ৰহ্মপুত্ৰ পুষ্কৰ আদি বিগ বাজেটৰ ধৰ্মানুষ্ঠান সমাধা কৰা হৈছে, ধনী ধনী মানুহে শকত দান-বৰঙনিৰে ধৰ্মোৎসৱৰ বিপুলায়োজনক উৎসাহিত কৰিছে, দুৰ্গা পূজা বিশেষত এটা বা দুটা ম’হ বলিৰ ঠাইত ৫০/৬০টালৈ ম’হ উৎসৰ্গিত হৈছে, বিপুল প্ৰচাৰ আৰু বৰ বৰ তামীঘৰাৰে ঈশ্বৰ-আল্লাক সন্তুষ্ট কৰিবলৈ না হিন্দু পিছ ভৰি হৈছে, না মুছলিম। ইয়াৰ লগে লগে ধৰ্মমূলক শোভাযাত্ৰাৰ কাণ তাল মৰা আৱাজ আৰু ৰাজপথ ঢকা ভিৰে স্বাভাৱিক জীৱন-যাত্ৰাৰ বাৰ বজাইছে। ধৰ্ম পৰিণত হৈছে ধামাকাত, ব্যক্তি হৃদয়ৰ নীৰৱ-নিৰ্মল আধ্যাত্মিকতা পৰ্য্যবসিত হৈছে উৎকট ৰাজহুৱা প্ৰদৰ্শনত।
মনলৈ প্ৰশ্ন আহে – অসমত ধৰ্মৰ এই অভূতপূৰ্ব বা-মাৰলি কিয়? ই ভকতিৰ স্বৰ্গৰাজ্যত নে এক বাস্তৱ-সমস্যা-বিমুখ নিচাগ্ৰস্ত মানুহৰ ৰাজ্যত পৰিণত হৈছে?
এইখিনিতে আমি ধৰ্মৰ দুটা বুনিয়াদী দিশৰ কথা ভাবোঁ আহক – নৈতিক প্ৰমূল্য আৰু পৰিচিতিৰ সমল। দেখা যায় যে নৈতিক প্ৰমূল্যৰ দিশত প্ৰত্যেক ধৰ্মই মানৱীয় আচৰণকে আগ কৰি লৈছে। এটা উদাহৰণৰে কথাটো প্ৰতিপন্ন কৰা যাওক। হিন্দু শাস্ত্ৰই কৈছে, “বসুধৈৱ কুটুম্বকম্”। অৰ্থাৎ সমগ্ৰ পৃথিৱীৰ মানুহেই আমাৰ কুটুম, আমাৰ আপোন। হিন্দুৰ বাবে কেৱল হিন্দু, মুছলিমৰ বাবে কেৱল মুছলিম – এনে কথা এই প্ৰমূল্যত নাই। মুছলিম ঐক্য, হিন্দু ঐক্য আদিৰ মৰ্ম উদ্ধৃত প্ৰমূল্য-বচনফাকিত নাই। ইছলামত কৈছে, “যাৰ চুবুৰীয়া ভোকত আছে তেওঁৰ বাবে জন্নতৰ দুৱাৰ বন্ধ।” কোৰানে হেনো ব্যাখ্যা কৰি কৈছে যে চৌপাশৰ প্ৰতিটো দিশৰ ৭২ ঘৰকৈ মানুহেই আমাৰ চুবুৰীয়া। তেওঁলোক লঘোনে আছে নেকি, তাৰ খবৰ যদি আমি নলওঁ, তেন্তে আমাৰ বাবে স্বৰ্গৰ দুৱাৰ নোখোলে। অৰ্থাৎ ইছলামে মুছলিমক কেৱল মুছলিমৰ খবৰ ৰখাৰ কথা কোৱা নাই, ধৰ্ম-নিৰ্বিশেষে সকলো মানুহৰ খবৰ ৰখাৰ কথাহে কৈছে। খ্ৰীষ্টধৰ্মতো কৈছে, “Love thy neighbour’’ – অৰ্থাৎ তোমাৰ চুবুৰীয়াক ভাল পাবাহঁক। ইয়াতে খ্ৰীষ্টানে কেৱল খ্ৰীষ্টানক ভাল পোৱাৰ কথা কোৱা নাই, যি ধৰ্মৰে নহওক- সকলো চুবুৰীয়াকে ভাল পাবৰ পৰামৰ্শ দিছে। আজি জেহাদৰ আচল মৰ্ম নুবুজা এচাম ইছলামধৰ্মী সন্ত্ৰাসবাদীয়ে ভিন ভিন ধৰ্মৰ মানুহ হত্যা কৰি আল্লাৰ কাম কৰা বুলি ভাবিছে। কিন্তু, কোৰানৰ ৫ নং চুৰাৰ ৩২ নং আয়াতত আছে, “এক নিৰ্দোষী মানুহক হত্যা কৰাটো সমগ্ৰ মানৱজাতিক হত্যা কৰাৰ সমান।” আজিৰ তথাকথিত জেহাদীয়ে কোৰানৰ এই মানৱীয় বাৰ্তা বুজা নাই আৰু সেয়ে প্ৰকৃত মুছলমানো হ’ব পৰা নাই।
দেখা গ’ল যে ধৰ্মসমূহৰ ভিতৰত যথেষ্ট উচ্চ মানৱীয় নৈতিক প্ৰমূল্য আছে। আধুনিক গণতান্ত্ৰিক, বৈজ্ঞানিক চিন্তাৰ লগত খাপ নোখোৱা কথাও তাত থাকিব। কিন্তু, দয়া-মৰমৰ মাজেৰে একেলগে বাস কৰাৰ প্ৰেৰণা দিব পৰা বহু কথা ধৰ্মীয় প্ৰমূল্যত আছে। পিছে আজি ৰজনজনাই থকা ধৰ্মীয় আচাৰ-আচৰণ আৰু উৎসৱবোৰৰ মাজত ধৰ্মবোৰত নিহিত এই মানৱীয়, নৈতিক প্ৰমূল্য অনুশীলনেই ঘাই কথা হয় জানো?
নিশ্চয় নহয়। মানুহক এনে প্ৰমূল্যৰ সলনি ধৰ্মবোৰৰ পৰিচিতিৰ সমলবোৰেহে ঘাইকৈ আকৃষ্ট কৰিব লাগিছে। পৰিচিতিৰ সেই সমলবোৰনো কি কি?
ভিন ভিন ধৰ্মৰ মানুহৰ ধৰ্মশাস্ত্ৰ, উপাসনাস্থলী, ৰাষ্ট্ৰ, ধৰ্মীয় পোচাক, খাদ্যাভ্যাস, উপাসনা-পদ্ধতি, জন্ম-বিবাহ-মৃত্যু-জড়িত আচাৰ, উৎসৱ আদি ভিন ভিন। ইবোৰৰ ভিত্তিতে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক “অন্য” বুলি ভাবে। সংঘাতবোৰো প্ৰমূল্যৰ ভিত্তিত নহয়, হয় এই পৰিচিতিবাচক সমলবোৰৰ ভিত্তিত। কোনোবাই ইছলামিক ৰাষ্ট্ৰৰ, কোনোবাই হিন্দুৰাষ্ট্ৰৰ সপোন দেখে; মন্দিৰ-মছজিদ লৈ শত্ৰুতা হয়, গোমাংস-গাহৰি-মাংসক লৈ বিবাদ চলে। পৰিচিতিৰ ভিত্তিত ধৰ্মৰ ৰক্ষকৰ ভাও লোৱাসকলে কদাপি নিজ ধৰ্মৰ উচ্চ নৈতিক প্ৰমূল্যসমূহ প্ৰচাৰ কৰাৰ বাবে উদ্যোগ লোৱা দেখা নাযায়।
এই যে ধৰ্মৰ অন্তৰ্নিহিত প্ৰমূল্যৰ ঠাইত তাৰ পৰিচিতিবাচক সমলসমূহে অধিক গুৰুত্ব পায় আৰু সিবোৰৰ ভিত্তিতে বিভেদ-বিদ্বেষৰ পৰিবেশ গঢ়ি উঠে, এই প্ৰক্ৰিয়াৰ অন্তৰালত সাধাৰণতেই থাকে ক্ষমতাশালী মহলৰ ন্যস্ত-স্বাৰ্থজড়িত আংচনি। (এই ৰাজনৈতিক দিশটোৰ আলোচনা আমি লেখাত নকৰোঁ।) তদুপৰি এই পৰিচিতিৰ সমলবোৰ আয়ত্ত কৰা তুলনামূলকভাৱে সহজ, কিন্তু ধৰ্মত নিহিত প্ৰমূল্যবোৰ অনুশীলন কৰা সিমান সহজ নহয়।সাধাৰণভাৱে সমগ্ৰ বিশ্বতে আৰু বিশেষকৈ আমাৰ অসমত ধৰ্মীয় পৰিচিতিৰ এই সমলবোৰৰ প্ৰাধান্য অত্যধিক বাঢ়ি অহাৰ ইয়ো এটা কাৰণ।
আধ্যাত্মিকতাৰ সলনি ধৰ্মৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতা আৰু নৈতিক প্ৰমূল্যৰ ঠাইত আচাৰ-সৰ্বস্বতাই সাৰ হোৱাটো অসমৰ সমাজৰ স্থবিৰতাৰে ইংগিত কঢ়িয়ায়। ইউৰোপৰ মধ্যযুগত সামন্তবাদ অচল টকা হ’ব ধৰাৰ সময়তে গীৰ্জা আচাৰ-সৰ্বস্ব আৰু দুৰ্নীতিগ্ৰস্ত হৈ পৰিছিল। প্ৰণিধানযোগ্য এই যে সমাজ এখন সঁচাকৈয়ে প্ৰগতিৰ স্তৰত উপনীত হ’লে বা প্ৰগতিকামী চেতনাই সংগঠিত ৰূপত সমাজক আলোড়িত কৰি ৰাখিলে ধৰ্মৰ প্ৰকোপ হয় কমি থাকে, নহয় তাৰ পৰিচিতিবাচক সমলৰ ঠাইত নৈতিক আৰু দাৰ্শনিক প্ৰমূল্যবোৰৰ চৰ্চাই প্ৰাধান্য লাভ কৰি থাকে।
উদাহৰণস্বৰূপে, আঢ়ৈ হাজাৰ বছৰ পূৰ্বৰ গ্ৰ্ৰীকসভ্যতাৰ স্বৰ্ণযুগত দাৰ্শনিক, চিন্তাবিদ, সাহিত্যিক আদিৰ মাজত পাৰলৌকিক ভাৱনাক হেঁচুকি ইহলৌকিক চিন্তাই জেগা লোৱাৰ কথা সৰ্বজন বিদিত।ছক্ৰেটিছে কৈছিল যে দেৱী এথেনীক পূজাকৰাতকৈও অধিক গুৰুত্বপূৰ্ণ কাম এথেন্সৰ ডেকাহঁতৰ বাবে আছে।ইউৰোপত সামন্ত যুগৰ কঁকাল ভগাৰ পিছত যি নৱজাগৰণ আহিছিল তাৰ মূল বাৰ্তা আছিল ইহলৌকিক মানৱতাবাদ, যাৰ প্ৰভাৱতে পিছলৈ বিজ্ঞান-প্ৰযুক্তিৰ দিগ্বিজয় আৰম্ভ হৈছিল। এই নৱজাগৰণেই খ্ৰীষ্টান ধৰ্মৰ আচাৰ-সৰ্বস্বতা আৰু গীৰ্জাৰ কৰ্তৃত্বক প্ৰশ্নৰ মুখামুখি কৰি তাক দুভাগ কৰি পেলাইছিল। ভাৰতৰ স্বাধীনতা আন্দোলনেও মানুহৰ মনৰ মাজত থকা অন্ধবিশ্বাস-কুসংস্কাৰৰ ভালেমান সাতামপুৰুষীয়া শিকলি ছিঙাৰ কাম কৰিছিল। অৰ্থাৎ সমাজ প্ৰগতিৰ স্তৰত থাকিলে বা প্ৰগতিশীল ভাবনাই সমাজত গা কৰি থাকিলে, ধৰ্মৰ চাক্ষুষ পৰিচিতিৰ সমলবোৰ আৰু আচাৰবোৰৰ ঠাইত ধৰ্মৰ অন্তৰ্লীন প্ৰমূল্যবোৰহে মনোযোগৰ কেন্দ্ৰত থাকে।
গণমাধ্যমৰ প্ৰভাৱত কল্পনাতে জীৱনৰ স্বৰ্ণ-মায়ামৃগ খেদি ফুৰাত অভ্যস্ত হোৱা বিপুলাংশ জনতাৰ আচল জীৱন-বাস্তৱ তথৈবচ। বিশেষকৈ অসমত জাতীয় অৰ্থনীতি বুলি কোনো বস্তু গঢ়ি নুঠিল, অত্যন্ত অনগ্ৰসৰ ৰাজ্যখনৰ সাধাৰণ মানুহৰ বাস্তৱ জীৱন ব্যৰ্থতা আৰু অনিশ্চয়তাৰ পীড়নেৰে ভৰপূৰ। জীৱনৰ সেই খালী ঠাই তেওঁলোকে কিহেৰে পূৰাব?সেই খালী ঠাইৰ ৰহস্য বুজাই দিব পৰা প্ৰগতিশীল চেতনাৰো ব্যাপক প্ৰসাৰ আজি নাই। নৱজাগৰণ, স্বাধীনতা আন্দোলন আদিৰ দৰে সঁচা অৰ্থতে প্ৰগতিমুখী ব্যাপক জন-আলোড়ন আমাৰ সমাজত আজি একেবাৰেই নাই। সেয়ে সেই খালী ঠাই স্ৰজি দিয়া শোষক চামেই সেই খালী ঠাই পূৰাবলৈ হাজিৰ হৈছেহি হাতত ধৰ্মীয় আচাৰ আৰু সাম্প্ৰদিয়কতাৰো ৰংচঙীয়া, জিক-মিকীয়া সম্ভাৰৰ মোনা হাতত লৈ। কোৱা বাহুল্য, সকলো ধৰ্মত অন্তৰ্নিহিত মানৱীয় প্ৰমূল্যসমূহত ধৰ্মৰ বেপাৰীহঁতৰ মতি নাই; সিহঁতে ৰাইজক ব্যস্ত ৰাখিছে আধ্যাত্মিকতাৰ সৈতে বিশেষ সম্পৰ্ক নথকা কেতবোৰ আচাৰত যিবোৰ জনবহুল ৰাস্তাত প্ৰদৰ্শন কৰিব পাৰি, যিবোৰক লৈ ধনৰ শৰাধ কৰিব পাৰি আৰু যিবোৰৰ জৰিয়তে ধৰ্মীয় বিভেদো বঢ়াবপাৰি; সৰ্বোপৰি যিবোৰৰ জৰিয়তে ৰাইজক নিচাগ্ৰস্ত কৰি জীৱনৰ, সমাজৰ আচল সমস্যাবোৰ পাহৰাই ৰাখিব পাৰি, ঢাকি ৰাখিব পাৰি।
সেয়ে অসমত ধৰ্ম-প্ৰদৰ্শনৰ যি ধূম উঠিছে, সি ৰাজ্যখনৰ শোচনীয় পৰিস্থিতিৰে দ্যোতক, ৰাজ্যখনৰ অনগ্ৰসতাৰ কাৰণো, পৰিণামো। অৰ্থনৈতিক দুৰৱস্থাৰ কথাটোত আছেই, ভুতৰ ওপৰত দানহ পৰাদি হিন্দী বলয়ৰপৰা নতুনকৈ আমদানি কৰি অনা ধৰ্মীয় আচাৰ-উৎসৱবোৰে অসমৰ বাপতি-সাহোন সংস্কৃতিৰ ভঁৰালটোকো জৰাজীৰ্ণ কৰি এন্দুৰৰ বাহত পৰিণত কৰিব।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা
ইমেইল : [email protected]