NORTHEAST NOW (Assamese)

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

June 18, 2025 2:35 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

বিয়াৰ আগতেও আছিল একাধিক সম্পৰ্ক। বিয়াৰ পিছতো চলাই আহিছিল পৰকীয়া প্ৰেম। পিছে স্বামীয়ে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে এইগৰাকী মহিলাক। পিছে ধৰা পৰি ভয়তে ১২ ফুট উচ্চতাৰ চিলিঙৰ পৰা জঁপিয়াই দিলে মহিলাগৰাকীয়ে।

সোমবাৰে উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ বৰাউট চহৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে এই ভিডিঅ ভাইৰেল হৈ পৰিছে।

ইফালে অভিযুক্ত প্ৰেমিকক স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। কিন্তু আৰক্ষী অহাৰ আগতেই মহিলাগৰাকী পলায়ন কৰে।

জানিব পৰা মতে, সোমবাৰে বৰাউট নগৰৰ চাপৰৌলী পথৰ এখন হোটেলত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে হোটেলখনলৈ আহিছিল। মহিলাগৰাকীৰ পিছে পিছে আহিছিল স্বামী আৰু শহুৰ।

কিন্তু শহুৰ আৰু স্বামীৰ উপস্থিতিৰ উমান পায় মহিলাগৰাকীয়ে আতংকিত হৈ হোটেলখনৰ ১২ ফুট উচ্চতাৰ চালৰ পৰা জপিয়াই পলায়ন কৰে। ভিডিঅ ফুটেজত দেখা গৈছে যে মহিলাগৰাকীয়ে ছাদৰ পৰা জপিয়াই দ্ৰুতগতিত পলায়ন কৰে।

বৰৌত কোটৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘অভিযুক্ত প্ৰেমিক শ্বোভিতক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছে। আগতে টুগানা গাঁৱৰ এজন যুৱকে ভাড়াত হোটেলখন চলাইছিল, তেওঁকো সোধা-পোছা কৰা হৈছে।

স্বামীয়ে আৰক্ষীক দিয়া লিখিত অভিযোগ অনুসৰি তেওঁ ২০১৯ চনত কাকোৰে গাঁৱৰ মহিলাগৰাকীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ এটা সন্তান আছে।

স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নীৰ ইতিমধ্যে একাধিক পুৰুষৰ সৈতে সম্পৰ্ক আছিল, যিটো বিয়াৰ পিছতো শেষ হোৱা নাছিল। তেওঁ লগতে কয় যে তেওঁৰ পত্নীয়ে তেওঁক মিছা গোচৰৰ ভাবুকি দিছিল আৰু আনকি তেওঁ প্ৰতিবাদ কৰিলে তেওঁক হত্যা কৰাৰ ভাবুকিও দিছিল।

এই নাটকীয় ঘটনাৰ পিছতে স্বামীয়ে নিজৰ প্ৰাণৰ আশংকাত আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু অভিযোগৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News