বুঢ়ী দিহিঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলং

Videoframe_20210521_171454_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

বুঢ়ী দিহিং নৈৰ বাঢ়নী পানীয়ে শুকুৰবাৰে উটুৱাই নিয়ে জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলং। ফলত বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা।

সুদীৰ্ঘ বছৰ ধৰি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কথা চেমা, কথা আদৰ্শ গাঁও, ৰাম নগৰ আৰু চন্দ্ৰ পুৰ গাঁৱৰ প্ৰায় তিনি হেজাৰৰো অধিক পৰিয়াল তথা ৰাইজৰ বাবে শাসনৰ দায়িত্ব লোৱা কোনো এখন চৰকাৰে নিৰ্মাণ কৰি দিব নোৱাৰিলে এখন পকী স্থায়ী দলং।

খৰালি কালত চলাচলৰ সুবিধাৰ বাবে গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধনেৰে প্ৰতি বছৰে স্থাপন কৰি লয় এখন কাঠৰ দলং। কিন্তু গঞা ৰাইজে নিৰ্মাণ কৰা এই দলংখনে সহিব নোৱাৰে বাৰিষাৰ বাঢ়নী পানীৰ সোঁত।

কি কংগ্ৰেছ, কি বিজেপি চৰকাৰ প্ৰতিখন চৰকাৰে অঞ্চলটোৰ ৰাইজৰ বাবে উক্ত অঞ্চলত নিৰ্মাণ কৰি দিব নোৱাৰিলে এখন পকী দলং।

২০১৬ বৰ্ষত মাৰ্ঘেৰিটাৰ কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপিয়ে মাৰ্ঘেৰিটাত শাসনভাৰ লাভ কৰিছিল; প্ৰতিশ্ৰুতি দিছিল বিজেপিৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই এখন পকীদলং নিৰ্মাণ কৰি দিয়া হ’ব কিন্তু স্থাপন নহল পকী দলং।

তৎসত্ত্বেও ৰাইজে পুনৰ সুযোগ দিলে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিজেপি ৰাজ্যিক চৰকাৰখনক শাসনভাৰ লবলৈ।

অনাগত পাঁচ বছৰৰ ভিতৰত এই অঞ্চলৰ গঞা ৰাইজক এই জটিল সমস্যাৰ পৰা উপকৃত কৰিবলৈ কি পদক্ষেপ লব পুনৰ বিধান সভাত শপত বাক্য পাঠ কৰা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মায়।

উল্লেখ্য যে বিগত কেইবাদিনে মাৰ্ঘেৰিটা মহকুমাত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়ীদিহিঙৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলংখন শুকুৰবাৰে পানীয়ে উঠুৱাই নিয়ে। ফলত সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলবাসী গঞা ৰাইজ।

এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়ক ভাস্কৰ শৰ্মাক তথা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক দাবী জনাইছে অঞ্চল বাসী ৰাইজে।