ট্ৰাম্পৰ দাবীৰ বিপৰীতে কৰ’না ভাইৰাছ মূলত প্ৰাকৃতিক বুলি পুনৰ স্পষ্ট কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

Coronavirus-1-1140x570

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই শুকুৰবাৰে দোহাৰিছে যে নভেল কৰ’না ভাইৰাছ মূলত প্ৰাকৃতিক।

চীনৰ এটা লেবৰটৰীত এই মাৰাত্মক ভাইৰাছটোৰ সৃষ্টি হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰাৰ এদিন পাছতেই সংস্থাটোৱে এই বক্তৱ্য দাঙি ধৰিছে।

এইক্ষেত্ৰত বিজ্ঞানীসকলৰ মত হ’ল যে কৰ’না ভাইৰাছ এতিয়াও চিনাক্ত নোহোৱা এবিধ জন্তুৰ সংযোগত যোৱা বছৰ চীনৰ উহানৰ এখন বজাৰত উদ্ভৱ হোৱাৰ পাছত মানুহৰ মাজত দেখা দিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ মুৰব্বী মাইকেল ৰিয়ানে শুকুৰবাৰে দাবী কৰে যে সংস্থাটোৱে জীন পৰিক্ৰমা আৰু ভাইৰাছটো পৰ্যবেক্ষণ কৰি থকা বহুতো বিজ্ঞানীৰ পৰা কথাটো ‘বাৰে বাৰে’ শুনিছে।

‘’আমি আশ্বস্ত যে এই ভাইৰাছটো মূলত প্ৰাকৃতিক,’’-ৰিয়ানে লগতে কয়।

ৰিয়ানে লগতে কয় যে ভাইৰাছটোৰ প্ৰাকৃতিক উৎসটো কি আৰু কেনেকৈ ই জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ’ল সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।

তেওঁ লগতে কয় যে প্ৰতিৰোধ আৰু ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাটো ধৰি ৰখাৰ উদ্দেশ্যটো হৈছে যাতে ই পুনৰ ক’তো দেখা নাযায় আৰু ইয়াৰ বাবে ভাইৰাছটোৰ উৎসটো জনা আৱশ্যক।

বৃহস্পতিবাৰে ট্ৰাম্পে সংস্থাটোৰ মহামাৰীক লৈ আগতীয়া সঁহাৰি সম্পৰ্কত পুনৰ সমালোচনা কৰাৰ পূৰ্বে কৈছিল যে কৰ’না ভাইৰাছৰ উৎপত্তি চীনৰ উহান ইনষ্টিটিউট অফ ভাইৰ’লজিত হৈছিল বুলি তেওঁ নিশ্চিত।

বিশ্ব স্বাস্থ্য সংস্থাৰ কোভিড-১৯ মহামাৰী সম্পৰ্কীয় জৰুৰীকালীন সমিতিয়ে শুকুৰবাৰে এই মহামাৰীক সৰ্বোচ্চ পৰ্যায়ৰ জৰুৰীকালীন আন্তৰ্জাতিক ৰাজহুৱা স্বাস্থ্যসেৱাৰ সমস্যা হিচাপে অভিহিত কৰে।