১৬ বছৰ ধৰি নিজৰেই চুলি খাইছিল যুৱতীয়ে! অস্ত্ৰোপচাৰত পেটৰ পৰা উদ্ধাৰ ২ কেজি চুলি

নিজৰ চুলিখিনি চিঙি নিজে খাই আছিল,দুদিন এদিন নহয়। যোৱা ১৬ বছৰ ধৰি তেওঁ নিজৰ চুলি নিজেই খাই আছিল। পেটত প্ৰায় দুই কিলোগ্ৰাম চুলি জমা হৈছিল। শেহতীয়াকৈ সেই চুলিখিনি আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এই ঘটনা। একৈশ বছৰীয়া এগৰাকী যুৱতী বিৰল মানসিক ৰোগত আক্ৰান্ত। সেই মানসিক সমস্যাৰ পৰাই যোৱা ১৬ বছৰ ধৰি তেওঁ চুলি খাই আছিল।

যুৱতীগৰাকীৰ পেটত চুলি কুটিল হৈ পৰিছিল। পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে যুৱতীগৰাকীয়ে আৰু কোনো কঠিন খাদ্য খাব পৰা নাছিল। কিবা এটা খাবলৈ চেষ্টা কৰিলে বমি হৈছিল। ২০ ছেপ্টেম্বৰত জিলা চিকিৎসালয়ত চিটি স্কেন কৰা হয়। সেইটোৱে কথাটো ধৰা পৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে জৰুৰী চিকিৎসাৰ পৰামৰ্শ আগবঢ়ায়। চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জনোৱা মতে, পাঁচ বছৰ বয়সৰ পৰাই ছোৱালীজনীয়ে চুলি খোৱাৰ অভ্যাস আছে। শেহতীয়াকৈ অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ পেটৰ পৰা প্ৰায় দুই কিলোগ্ৰাম চুলি আঁতৰাই পেলোৱা হৈছে।

ৰোগীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, যুৱতীগৰাকীৰ চুলি বহুদিন চিঙি পেলোৱাৰ অভ্যাস আছিল। কিন্তু চুলি খোৱাৰ অভ্যাস তেওঁলোকৰ কোনোৱেই নাজানিছিল। শেহতীয়াকৈ অসহ্যকৰ পেটৰ বিষৰ বাবে তেওঁক চিকিৎসালয়লৈ অনা হৈছিল। সেই সময়ত চিটি স্কেনত পেটত চুলি জমা হোৱা দেখা গৈছিল। অস্ত্ৰোপচাৰৰ পাছত তেওঁৰ অৱস্থা ভাল। কিন্তু বৰ্তমান চিকিৎসালয়খনৰ মনোৰোগ বিভাগৰ চিকিৎসকে তেওঁক চুলি খোৱাৰ অভ্যাস নাইকিয়া কৰিবলৈ পৰামৰ্শ দিছে।