বৰপেটাৰ “V 2″ৰ যুৱতীৰ শ্লীলতা হানি কৰা যুৱকক শিলচৰত আটক

youth story

যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত শিলচৰত গ্ৰেপ্তাৰ কৰা হাফিজুৰ ৰহমান। ফটো : নৰ্থইষ্ট নাও

বৰপেটা চহৰত যোৱা ১১ ছেপ্টেম্বৰত দিন দুপৰতে এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ ঘটনাৰ সৈতে জড়িত যুৱকজনক যোৱা নিশা আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, হিন্দু ধৰ্মৱালম্বী যুৱতী গৰাকীয়ে উক্ত দিনা নিজ কৰ্মস্থলী “V 2″ত উপস্থিত হোৱাৰ লগে লগে ইছলাম ধৰ্মৰ যুৱকজনে যুৱতীগৰাকীক আগুচি ধৰি টনা-আজোৰা কৰাৰ লগতে মলৰ পাৰ্কিং ঠাইলৈ টানি লৈ যায় আৰু তাত যুৱতীগৰাকীৰ শ্লীলতা হানিৰ অপচেষ্টা চলায় ৷

পাছত ভুক্তভোগী যুৱতী গৰাকীয়ে এই ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত উপস্থিত হৈ হাফিজুৰ ৰহমান নামৰ যুৱক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

এই ঘটনাক লৈ বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত কালি ৰামসেনাই প্ৰতিবাদী সমদলো উলিয়ায় ৷

অৱশেষত যোৱা নিশা শিলচৰৰ বাশকান্দিৰ পৰা হাফিজুৰ ৰহমানক আৰক্ষীয়ে আটক কৰা বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে ৷