NORTHEAST NOW (Assamese)

তিনি খন জিলাত চলি আছে ঠেঙাল কচাৰী স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ

January 20, 2022 12:55 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: January 20, 2022 1:01 pm
প্ৰতিনিধিত্বমূলক ছবি

তিনি খন জিলাৰ ২২ টা সমষ্টিত ঠেঙাল কচাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমান ভোটগ্ৰহণ চলি আছে।

ভোটগ্ৰহণ পুৱা ৮ বজাত আৰম্ভ হৈছে আৰু আবেলি ৪ বজাত সমাপ্ত হ’ব।

গোলাঘাট, যোৰহাট আৰু লখিমপুৰৰ ২২ টা সমষ্টিৰ ১৫৩ টা ভোটকেন্দ্ৰত মুঠ ৮৬,৩১৫ জন ভোটাৰে ভোটদান কৰিব।

বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে এখন আসনত ইতিমধ্যে জয়লাভ কৰিছে।

গোলাঘাট জিলাত প্ৰাৰ্থীসকলৰ ভাগ্য ৩০,৯২২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব। ভোটগণনা অনুষ্ঠিত হ’ব অহা ২৪ জানুৱাৰীত।

Related News