NORTHEAST NOW (Assamese)

পুনৰ বাঢ়িছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ : দেশজুৰি আক্ৰান্ত ৭ হাজাৰ ব্যক্তি

June 10, 2025 6:26 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

সমগ্ৰ দেশতে পুনৰ বৃদ্ধি পাইছে কোভিড ১৯ । এই মুহূৰ্তত সক্ৰিয় ক’ৰনা ৰোগীৰ সংখ্যাই ৭ হাজাৰ স্পৰ্শ কৰিছে। যোৱা ২৪ ঘন্টাত ৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে কেৰালা, কৰ্ণাটক, গুজৰাট আৰু দিল্লীত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে কৰ্ণাটক, গুজৰাট আৰু কেৰালাৰ পৰিস্থিতি আটাইতকৈ বেয়া।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি মঙলবাৰে পুৱা ৮ বজালৈকে দেশত সক্ৰিয় কনা ৰোগীৰ সংখ্যা ৬ হাজাৰ ৮১৫ জন।

যোৱা ২৪ ঘণ্টাত ৩২৪ জন লোক নতুনকৈ কনাত আক্ৰান্ত হৈছে। ইয়াৰে ৩ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যভিত্তিক পৰিসংখ্যা চালে যোৱা ২৪ ঘন্টাত কৰ্ণাটকত ১৩৬ জন, গুজৰাটত ১২৯ জন আৰু কেৰালাত ৯৬ জন লোক নতুনকৈ কনাত আক্ৰান্ত হৈছে।

অৱশ্যে অৰুণাচল প্ৰদেশ, চণ্ডীগড়, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাত নতুনকৈ কোনো সংক্ৰমণ ধৰা পৰা নাই।একাংশ বিশেষজ্ঞৰ মতে পুনৰ কৰ’না সংক্ৰমিত হ’লেও এই ভাইৰাছে পূৰ্বৰ মাৰাত্মক শক্তি হেৰুৱাই পেলাইছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ সঞ্চালক প্ৰধান ৰাজীৱ ভলে কয়, “দক্ষিণ আৰু পশ্চিম ভাৰতৰ নমুনাৰ জিনম ছিকুৱেন্সিঙে প্ৰকাশ কৰিছে যে এইটো অমাইক্ৰনৰ এটা ভিন্নতা।”

Related News