দেশত আছে পাঁচটা : উত্তৰ-পূৰ্বাঞ্চলৰ ক’ত আছে বিপজ্জনক ‘টেবল টপ ৰাণৱে’?

table

‘টেবল টপ ৰাণৱে’।বিমান পৰিবহণৰ সৈতে জৰিত সকলৰ বাবে এক বিপজ্জনক নাম।

টেবল টপ ৰাণৱে মানে হৈছে কোনো সুউচ্চ পাহাৰ বা টিলাৰ ওপৰত অতি কম পৰিসৰ সামৰি সজা বিমান বন্দৰ।

পাহাৰ বা ওখ টিলাৰ ওপৰত সজাৰ বাবে এনে ৰাণৱেত বিমান অৱতৰণৰ ক্ষেত্ৰত পাইলটে গ্ৰহণ কৰিবলগীয়া হয় প্ৰয়োজনতকৈ বেছি সাৱধানতা।

সামান্য ইফাল-সিফাল হ’লেই বিপদ নিশ্চিত। ভাৰতবৰ্ষত থকা এনে বিপজ্জনক টেবল টপ ৰাণৱেৰ সংখ্যা হৈছে ৫ টা।

ইয়াৰ ভিতৰত এটা আছে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত।

দেশৰ আন বিপজ্জনক টেবল টপ বিমান বন্দৰ কেইটা হৈছে ক্ৰমে কৰ্ণাটকৰ মাংগালোৰ বিমান বন্দৰ,কেৰালাৰ কালিকট আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ,ছিমলাৰ জুব্বাৰহাট্টী বিমান বন্দৰ,ছিকিমৰ পকিয়াং বিমান বন্দৰ।

পাহাৰৰ টিঙত অতি কম পৰিসৰত সজা এনে বিমান বন্দৰ সমূহত ৰাণৱেৰ দৈৰ্ঘ্য তেনেই কম হয়।

সেই বাবেই যিকোনো সময়তে থাকে দুৰ্ঘটনাৰ ভয়। তদুপৰি এনে বিমান বন্দৰত পাইলটে প্ৰায়ে দৃষ্টি বিভ্ৰম অৰ্থাৎ অপটিকেল ইলিউছনত ভোগে।

দেশত এতিয়া লৈকে দুটা টেবল টপ ৰাণৱেত বিমান দুৰ্ঘটনা হৈছে।

২০১০ চনত মাংগালোৰ বিমান বন্দৰত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ১৫৮ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছিল।

উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামত থকা লেংপুই বিমান বন্দৰৰ ৰাণৱেৰ দৈৰ্ঘ্য ২,৫০০ মিটাৰ।

বিপজ্জনক অৱস্থানত থকা এই বিমান বন্দৰটো ১৯৯৫ চনৰ ডিচেন্বৰ মাহত সজা আৰম্ভ কৰি ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ কৰা হৈছিল।