NORTHEAST NOW (Assamese)

ভুলৰ পৰা নিশিকে ভাৰতীয় ৰেল বিভাগে, পশ্চিম বংগত আকৌ সংঘটিত কৰমণ্ডলৰ দৰে দুৰ্ঘটনা

June 25, 2023 6:46 pm · এন ই নাও নিউজ , গুৱাহাটী

আকৌ সংঘটিত হৈছে এক ভয়ানক ৰেল দুৰ্ঘটনা। দেওবাৰে পুৱা পশ্চিম বংগৰ বাঁকুৰাৰ ওণ্ডা ৰে’ল ষ্টেচনত ৰৈ থকা  এখন মালগাড়ীয়ে আন এখন মালগাড়ীয়ে এখন মালগাড়ীক খুন্দা মাৰে ।

জানিব পৰা মতে, এই দুৰ্ঘটনাত ৰে’লখনৰ ইঞ্জিনকে ধৰি কেইবাটাও দবা ধ্বংস হয়। এই দুৰ্ঘটনাত ৰেল লাইন আৰু প্লেটফৰ্ম ক্ষতিগ্ৰস্ত হৈছে। যাৰ বাবে বৰ্তমান আদ্ৰা খড়গপুৰ শাখাত ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে।

প্ৰকাশ পোৱা তথ্য অনুসৰি লুপ লাইনত বহুসময় ধৰি ৰৈ আছিল মালগাড়ী ৰেলখন। সেই সময়ত আন এখন মালবাহী ৰে’ল একেটা লাইনতে বাঁকুৰাৰ পৰা বিষ্ণুপুৰলৈ গৈ আছিল।

ঠিক সেই সময়তে পিছফালৰ পৰা আনখন ৰেলে আগফালৰ ৰেলখনক খুন্দা মাৰে। মালবাহী গাড়ীৰ মুঠ ১২খন দবা লাইনচ্যুত হয়। এই ঘটনাত বিষ্ণুপুৰ অভিমুখী মালবাহী ৰে’লখনৰ চালক গুৰুতৰভাৱে আহত হয়।

স্থানীয় লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ৰে’লৰ ভিতৰত আবদ্ধ হৈ থকা পাইলটক উদ্ধাৰ কৰে।

Related News