অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে সমাজত বিজ্ঞান- মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী স্বেচ্ছাসেৱী অনুস্থান ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাই সমাগত ২০ আগষ্টৰ ‘বিজ্ঞান – মনস্কতা দিৱস’ৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত ‘যতীন্দ্র-ভাগীৰথী সোঁৱৰণী ৰচনা প্ৰতিযোগিতা’ৰ আয়োজন কৰিছে।
এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপকক ক্ৰমে ৩০০০, ২৫০০ আৰু ২০০০ টকাৰ নগদ ধনৰ লগতে প্ৰমাণ পত্র প্ৰদান কৰা হ’ব।
প্ৰতিযোগিতাৰ ৰচনাৰ বিষয় হৈছে – “অসমৰ সমাজ জীৱনত বৈজ্ঞানিক মানসিকতাৰ গুৰুত্ব”।
একাদশ শ্রেণীৰ পৰা স্নাতক মহলাৰ ছাত্র-ছাত্রীয়ে ১০০০ ৰ পৰা ১৫০০ শব্দৰ ভিতৰত ৰচনাখন অসমীয়াত প্ৰতিখন বগা কাগজৰ এপিঠিত ১৪ পইন্টৰ ডিটিপি কৰি নিজৰ শিক্ষানুষ্ঠানৰ নাম, শ্ৰেণী, ৰোল নং, মোবাইল নং উল্লেখেৰে নিম্নোক্ত ডাক ঠিকনাত ৩০ জুন২০২৫ তাৰিখৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। উল্লেখ্য যে এই প্ৰতিযোগিতাৰ কোনো ভৰ্তি মাচুল নাই।
ৰচনা পঠিওৱাৰ ঠিকনা হৈছে – সঞ্জীৱ দাস, সম্পাদক, ইলোৰা বিজ্ঞান মঞ্চ, টিহু শাখা। ডাক :- টিহু, জিলা :- নলবাৰী, অসম ৭৮১৩৭১। মোবাইল নং – ৬৯০০৫০০৬২৯।