বিজেপি-কংগ্ৰেছ-অগপ ত্যাগ কৰি আপত যোগদান অৰ্ধ শতাধিক নেতা-কৰ্মী

“সম্প্ৰতি অসমত আম আদমী পাৰ্টিৰ উত্থানে শাসকীয় পক্ষৰ নিদ্ৰা হৰণ কৰিছে। প্ৰায় প্ৰতিদিনেই আন আন দলৰ বহুসংখ্যক নেতা – কৰ্মীয়ে আপত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। দলৰ এই জনপ্ৰিয়তাই দলটোৰ প্ৰতিষ্ঠাতা তথা মুৰব্বী অৰবিন্দ কেজৰিৱালৰ নীতি আৰু আদৰ্শৰ প্ৰাসংগিকতা বৃদ্ধি কৰিছে। ” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মত ব্যক্ত কৰে ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

লক্ষ্যণীয় যে বিজেপি, কংগ্ৰেছ আৰু অগপ ত্যাগ কৰি অৰ্ধ শতাধিক নেতা – কৰ্মীয়ে আজি আপত যোগদান কৰে। দলৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক জিতু ডেকা আৰু আপ, অসমৰ যুৱ শক্তিৰ নেতা সৌৰভ কলিতাৰ তৎপৰতাত আপত যোগদান কৰে এই সকল লোকে। দলৰ এই যোগদান কাৰ্যসূচীত ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপৰিও ৰাজ্যিক মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়া, গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক জিতু ডেকা, গুৱাহাটী মহানগৰ সমিতিৰ উপ সভাপতি গৌতম শৰ্মা আৰু আপ, অসমৰ যুৱ শক্তিৰ নেতা সৌৰভ কলিতা। 

উল্লেখ্য যে যোগদান কৰাসকলৰ ভিতৰত বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰ উদ্দিন, বিজেপিৰ কৰ্মী মোহিত ঠাকুৰ, কামৰূপৰ কংগ্ৰেছ জিলা সমিতিৰ সদস্য কায়দ আলি, অগপৰ কৰ্মী মানৱ ডেকা, শ্বাহ আলম, মৃদুল কলিতা  উল্লেখযোগ্য। 

ইপিনে, ডিব্ৰুগড় আৰু শোণিতপুৰতো আম আদমী পাৰ্টিৰ উদ্যোগত যোগদান কাৰ্যসূচী অব্যাহত আছে। শুকুৰবাৰে শোণিতপুৰত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত শোণিতপুৰ জিলাৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, আম আদমি পাৰ্টীৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু আপৰ কেন্দ্ৰীয় নেতা মনীষ কৌশিকৰ উপস্থিতিত শোণিতপুৰ বিজেপিৰ নেতা দেৱদত্ত গোস্বামী আৰু তেওঁৰ সতীৰ্থসকলে আম আদমি পাৰ্টীত যোগদান কৰে।  

ডিব্ৰুগড়তো দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ, দুৱাৰমৰাকে ধৰি চাৰিটা পঞ্চায়তৰ শতাধিক ব্যক্তিয়ে বিজেপি আৰু অগপ ত্যাগ কৰি আপত যোগদান কৰে।