মন্ত্ৰীপত্নী বাগানৰ মালিক হ’লেও তথৈবচ চাহ শ্ৰমিকৰ অৱস্থা!২৫০জন চিকিৎসকৰ হাতত ৰাজ্যৰ লাখ-লাখ মজদুৰৰ জীৱন

এজনৰ পাছত সিজন মন্ত্ৰী-বিধায়কৰ পত্নী চাহ বাগিচাৰ স্বতাধিকাৰী হ’লেও তথৈবচ অসমৰ চাহ শ্ৰমিকৰ অৱস্থা৷অপৰ্যাপ্ত চিকিৎসকৰে পৰিচালিত হোৱা অসমৰ চাহ উদ্যোগটোৰ প্ৰতি নামি আহিছে বিপৰ্যয়৷ইতিমধ্যে ডায়েৰিয়াসদৃশ ৰোগত উজনি অসমৰ ডুমডুমাস্থিত টঙনাগাঁও চাহ বাগিচাত এসপ্তাহৰ ভিতৰতে ১১জন শ্ৰমিকৰ পৰলোকপ্ৰাপ্তি ঘটিছে৷তদুপৰি অসমৰ আন আন চাহ বাগিচাসমূহতো কলেৰা,ডায়েৰিয়াজাতীয় ৰোগ ধৰা পৰিছে বুলি ইতিমধ্যে অসমৰ এখন প্ৰতিষ্ঠিত সংবাদপত্ৰই প্ৰকাশ কৰিছে৷শ্ৰমিকৰ সুৰক্ষাৰ বাবে থকা শ্ৰম আইন ভৰিৰে মোহাৰি চাহ বাগিচা মালিকপক্ষই মইমতালি কৰাৰ অভিযোগো উত্থাপন হৈছে৷

শেহতীয়াকৈ অসম চৰকাৰে ভোটবেংকৰ স্বাৰ্থত প্ৰদান কৰা হিতাধিকাৰী আঁচনি আৰু সেৱাসমূহৰ পাছত বাগিচাৰ মালিকপক্ষই শ্ৰম আইনৰ অধীনত প্ৰদান কৰিবলগীয়া সা-সুবিধাৰ ক্ষেত্ৰত হেমাহি কৰা পৰিলক্ষিত হৈছে৷নিয়ম অনুসৰি শ্ৰম বিভাগৰ পৰিদৰ্শক, শ্ৰম বিষয়া আৰু সহকাৰী শ্ৰম আয়ুক্তসকলে প্ৰতিখন বাগিচাৰ চিকিৎসা সেৱা আৰু শ্ৰমিকৰ অন্যান্য সুবিধাৰ তদন্ত কৰিব লাগে৷কিন্তু শ্ৰম বিভাগে এনে কোনো ব্যৱস্থা লোৱা নাই,যাৰ ফলত বৰ্তমান ৮৫০খন বাগিচাত আছে মাত্ৰ ২৫০ জন চিকিৎসক৷ফাৰ্মাচিষ্ট,নাৰ্ছ আদিৰো আছে নাটনি,নাই পৰ্যাপ্ত ঔষধ৷যিখিনি চৰকাৰী ঔষধ লাভ কৰে তাৰো দেখিবলৈ পোৱা গৈছে অনিয়মীয়া বিতৰণ৷

ৰাজ্যৰ চাহ বাগিচাস্থিত সেৱাসমূহৰ তদন্ত কৰিবলৈ আছে ৬গৰাকী চিকিৎসা পৰিদৰ্শক৷কিন্তু পৰিদৰ্শকসকলে এই কাম কৰাত ব্যৰ্থ হৈছে৷এইবোৰ দেখিও শ্ৰম মন্ত্ৰী,শ্ৰম বিভাগ আৰু অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ আঁৰত শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলিছে মালিক কৰ্তৃপক্ষই৷বৰ্তমান সেই সময় সমাগত যে চৰকাৰে বাগিচা ক্ৰয় কৰাতকৈ শ্ৰমিকৰ দুখ-মৰ্মবেদনা প্ৰকৃততে অনুধাৱন কৰক৷