• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এম বি বি এছ পাঠ্যক্ৰমত চিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে!

অসংৰক্ষিত আসন হ্ৰাস কৰি ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ কৌশল বিজেপি চৰকাৰৰ: আম আদমি পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2023 4:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে। এই ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ লগতে নামভৰ্তিৰ নামত পুনৰ এক ছিণ্ডিকেটৰাজ চলিব বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে।

গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে চিকিৎসা সেৱা সঞ্চালক ডা৹ অনুপ কুমাৰ বৰ্মনে প্ৰকাশ কৰিছে যে এই সংৰক্ষণৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এটা সম্পূৰ্ণ পাঠ্যক্ৰমৰ এন আৰ আইৰ বাবে সংৰক্ষিত ১২৫খন আসনৰ পৰা ১০৬ কোটি ৩৪ লাখ ৩৭ হাজাৰ ৫০০ টকা আহিব। কিন্তু এই টকাৰ লেনদেন চৰকাৰী বিধি মতে হোৱাৰ কোনো নিশ্চয়তা নাই। 

অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখনত কিছু বছৰৰ আগলৈকে এন আৰ আইৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছিল। সেই আসনসমূহ পূৰণৰ সময়ত প্ৰতিখন আসন তেতিয়াই ১ কোটি ২০ লাখ টকাত বিক্ৰী হোৱাৰ অভিযোগ আছে। ইয়াৰ জৰিয়তে ৰাজকোষলৈ যি পৰিমাণৰ ধন আহে, তাতোকৈ বহু বেছি পৰিমাণৰ ধন ভেটি দিয়া-লোৱাত ব্যয় কৰা হয়। এন পৰিস্থিতিত অসম চৰকাৰে অসমত প্ৰবাসী ভাৰতীয়ৰ সংৰক্ষণ ব্যৱস্থাটো বন্ধ কৰিছিল। আকৌ কি পৰিস্থিতিত এবাৰ বন্ধ কৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত ল’লে, সেয়া উদ্বেগৰ বিষয়। 

ডা৹ চৌধুৰীয়ে কয় যে এই এন আৰ আইৰ সংৰক্ষিত আসনত কোনো এন আৰ আইৰ সন্তান সাধাৰণতে পঢ়িবলৈ নাহে। আমেৰিকাৰ লগতে আন কেতবোৰ দেশত ভাৰতৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ স্বীকৃতিও নাই। এনে প্ৰেক্ষাপটত কোনো এন আৰ আইৰ অনুমোদিত ভাৰততে জন্ম হোৱা আৰু শিক্ষা লাভ কৰা শিক্ষাৰ্থীকে এই আসনত ডলাৰৰ বিনিময়ত নামভৰ্তিৰ সুযোগ দিয়া হয়। কোনো ৰাজনৈতিক নেতা বা বিষয়াৰ সন্তানে ‘নীট’ত কম নম্বৰ পাই যোগ্যতা লাভ কৰি যেতিয়া নামভৰ্তি কৰিবলৈ সুবিধা নাপাব, তেতিয়া কোনো এন আৰ আইৰ জৰিয়তে এই সংৰক্ষিত আসনত  ৰাজনৈতিক নেতাজনৰ সন্তানে এম বি বি এছ পঢ়াৰ সুবিধা পাব। গতিকে অসম চৰকাৰৰ এই সংৰক্ষণৰ জৰিয়তে শৈক্ষিক জগতত আন এক ছিণ্ডিকেটৰাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। যি ব্যৱস্থা মধ্য প্ৰদেশৰ কুখ্যাত ‘ব্যাপম’ কেলেংকাৰীসদৃশ ৰূপ ল’বগৈ বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে। 

আম আদমি পাৰ্টীয়ে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয়। 

যি সময়ত – এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে, সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত দহ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্চ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ।

উল্লেখ যে অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে। মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮ খন আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাছত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে। যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰে।

ইফালে, ১০ শতাংশ প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগে লগে অসংৰক্ষিত আসনৰ সংখ্যা কমি আহি মাত্ৰ ২৫ শতাংশহে থাকিব। আসনৰ সংখ্যাত ই হ’বগৈ মাত্ৰ ৩৭৫ খন। অসমত ৫৫ শতাংশতকৈ অধিক লোক সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত। এই ৫৫ শতাংশ অসংৰক্ষিত শিক্ষাৰ্থীৰ বাবে মাত্ৰ ২৫ শতাংশ আসন ৰৈ যোৱা কথাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সাধাৰণ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থী বিজেপি চৰকাৰে বঞ্চিত কৰাৰ কৌশল ৰচনাৰ বাদে প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণ আন একো নহয়। আজিৰ সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু সহঃ সাংগঠনিক সম্পাদক দিপাংকৰ কলিতাও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd