• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এম বি বি এছ পাঠ্যক্ৰমত চিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে!

অসংৰক্ষিত আসন হ্ৰাস কৰি ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ কৌশল বিজেপি চৰকাৰৰ: আম আদমি পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2023 4:03 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে। এই ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ লগতে নামভৰ্তিৰ নামত পুনৰ এক ছিণ্ডিকেটৰাজ চলিব বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে।

গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে চিকিৎসা সেৱা সঞ্চালক ডা৹ অনুপ কুমাৰ বৰ্মনে প্ৰকাশ কৰিছে যে এই সংৰক্ষণৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এটা সম্পূৰ্ণ পাঠ্যক্ৰমৰ এন আৰ আইৰ বাবে সংৰক্ষিত ১২৫খন আসনৰ পৰা ১০৬ কোটি ৩৪ লাখ ৩৭ হাজাৰ ৫০০ টকা আহিব। কিন্তু এই টকাৰ লেনদেন চৰকাৰী বিধি মতে হোৱাৰ কোনো নিশ্চয়তা নাই। 

Apply Now

অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখনত কিছু বছৰৰ আগলৈকে এন আৰ আইৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছিল। সেই আসনসমূহ পূৰণৰ সময়ত প্ৰতিখন আসন তেতিয়াই ১ কোটি ২০ লাখ টকাত বিক্ৰী হোৱাৰ অভিযোগ আছে। ইয়াৰ জৰিয়তে ৰাজকোষলৈ যি পৰিমাণৰ ধন আহে, তাতোকৈ বহু বেছি পৰিমাণৰ ধন ভেটি দিয়া-লোৱাত ব্যয় কৰা হয়। এন পৰিস্থিতিত অসম চৰকাৰে অসমত প্ৰবাসী ভাৰতীয়ৰ সংৰক্ষণ ব্যৱস্থাটো বন্ধ কৰিছিল। আকৌ কি পৰিস্থিতিত এবাৰ বন্ধ কৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত ল’লে, সেয়া উদ্বেগৰ বিষয়। 

ডা৹ চৌধুৰীয়ে কয় যে এই এন আৰ আইৰ সংৰক্ষিত আসনত কোনো এন আৰ আইৰ সন্তান সাধাৰণতে পঢ়িবলৈ নাহে। আমেৰিকাৰ লগতে আন কেতবোৰ দেশত ভাৰতৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ স্বীকৃতিও নাই। এনে প্ৰেক্ষাপটত কোনো এন আৰ আইৰ অনুমোদিত ভাৰততে জন্ম হোৱা আৰু শিক্ষা লাভ কৰা শিক্ষাৰ্থীকে এই আসনত ডলাৰৰ বিনিময়ত নামভৰ্তিৰ সুযোগ দিয়া হয়। কোনো ৰাজনৈতিক নেতা বা বিষয়াৰ সন্তানে ‘নীট’ত কম নম্বৰ পাই যোগ্যতা লাভ কৰি যেতিয়া নামভৰ্তি কৰিবলৈ সুবিধা নাপাব, তেতিয়া কোনো এন আৰ আইৰ জৰিয়তে এই সংৰক্ষিত আসনত  ৰাজনৈতিক নেতাজনৰ সন্তানে এম বি বি এছ পঢ়াৰ সুবিধা পাব। গতিকে অসম চৰকাৰৰ এই সংৰক্ষণৰ জৰিয়তে শৈক্ষিক জগতত আন এক ছিণ্ডিকেটৰাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। যি ব্যৱস্থা মধ্য প্ৰদেশৰ কুখ্যাত ‘ব্যাপম’ কেলেংকাৰীসদৃশ ৰূপ ল’বগৈ বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে। 

আম আদমি পাৰ্টীয়ে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয়। 

যি সময়ত – এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে, সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত দহ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্চ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ।

উল্লেখ যে অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে। মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮ খন আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাছত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে। যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰে।

ইফালে, ১০ শতাংশ প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগে লগে অসংৰক্ষিত আসনৰ সংখ্যা কমি আহি মাত্ৰ ২৫ শতাংশহে থাকিব। আসনৰ সংখ্যাত ই হ’বগৈ মাত্ৰ ৩৭৫ খন। অসমত ৫৫ শতাংশতকৈ অধিক লোক সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত। এই ৫৫ শতাংশ অসংৰক্ষিত শিক্ষাৰ্থীৰ বাবে মাত্ৰ ২৫ শতাংশ আসন ৰৈ যোৱা কথাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সাধাৰণ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থী বিজেপি চৰকাৰে বঞ্চিত কৰাৰ কৌশল ৰচনাৰ বাদে প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণ আন একো নহয়। আজিৰ সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু সহঃ সাংগঠনিক সম্পাদক দিপাংকৰ কলিতাও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd