• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গণপ্ৰহাৰ: অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱজ্ঞা কৰাৰ কৰুণ পৰিণতি এয়া—বিশেষ লেখা

দেশৰ কেৱল তিনিখন ৰাজ্যতহে আছে গণপ্ৰহাৰ প্ৰতিৰোধী কঠোৰ আইন

দুলাল মিশ্ৰ,গুৱাহাটী by দুলাল মিশ্ৰ,গুৱাহাটী
November 30, 2021 12:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসমৰ শিক্ষানগৰী হিচাবে খ্যাত যোৰহাটৰ মাজমজিয়াত সোমবাৰে এদল উন্মত্ত লোকে খেদি খেদি হত্যা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ অক্লান্ত কৰ্মী অনিমেষ ভূঞাক।

অনিমেষৰ হত্যাকাণ্ডই কেৱল অসমেই নহয়, সমগ্ৰ দেশকে জোকাৰি গৈছে।ইয়াৰ পূৰ্বেও অসমত গণপ্ৰহাৰৰ কেইবাটাও ভয়াৱহ ঘটনা সংঘটিত হৈ গৈছে।

ইমানৰ পিছতো অসমত আজিলৈকে গণপ্ৰহাৰৰ বিৰুদ্ধে এখন কঠোৰ আইন বলবৎ পোৱা পৰিলক্ষিত হোৱা নাই।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত কেৱল মণিপুৰতহে সেই ৰাজ্যৰ চৰকাৰে গণপ্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে।

দেশৰ ভিতৰত কেৱল তিনিখন ৰাজ্যতহে গণ প্ৰহাৰৰ বিৰুদ্ধে আইন আছে । সেই ৰাজ্য দুখন হৈছে ক্ৰমে ৰাজস্থান, পশ্চিমবংগ আৰু মণিপুৰ।

মণিপুৰ বিধানসভাত ২০১৮ চনতে গণ প্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ বিষয়ত এখন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু সেই বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰা হৈছিল।

বিধেয়ক খনে ৰাজ্য খনৰ প্ৰতিখন জিলাত গণ প্ৰহাৰৰ দৰে নাৰকীয় অপৰাধ ৰোধ কৰিবলৈ একোজন নডেল বিষয়া নিযুক্তি দিয়াৰ পোষকতা কৰিছিল।

গণ প্ৰহাৰ ৰোধ কৰাত ব্যৰ্থ হোৱা আৰক্ষীক ১-৩ বছৰৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ বিধান ৰখা হৈছে।

এই ক্ষেত্ৰত চৰকাৰৰ কোনো অনুমোদন অবিহনেই কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দিহা কৰা হৈছিল।ৰাজস্থানতো গণ প্ৰহাৰৰ বিৰুদ্ধে কঠোৰ বিধেয়ক এখন বিধানসভাত উত্থাপন কৰা হৈছিল।

পৰৱৰ্তী সময়ত সেই বিধেয়ক আইনত পৰিণত হৈছে।

ৰাজস্থান চৰকাৰে ২০১৯ চনৰ আগষ্ট মাহত গণ প্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছিল। পশ্চিমবংগৰ চৰকাৰেও তেনে এখন আইন প্ৰণয়ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

সেইমৰ্মে ২০১৯ চনৰ আগষ্ট মাহত পশ্চিমবংগৰ চৰকাৰে গণ প্ৰহাৰ প্ৰতিৰোধী আইন গ্ৰহণ কৰিছিল। এই আইন অনুসৰি ঘটনাত জৰিত অপৰাধীৰ যাবজ্জীৱন কাৰাদণ্ডৰ লগতে পাঁচ লাখ টকাৰ জৰিমনা বিহাৰ বিধান ৰখা হৈছে।

দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ জুলাই মাহতে গণ প্ৰহাৰৰ ঘটনাৰ তাৎক্ষণিক বিচাৰ কৰিবলৈ দেশৰ প্ৰতি খন ৰাজ্যৰ প্ৰতিখন জিলাত একো খনকৈ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ নিৰ্দেশ দিছিল।

ন্যায়ালয়ে গণ প্ৰহাৰৰ বলি হোৱাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰো নিৰ্দেশ দিছিল।

ইমানৰ পিছতো দেশৰ প্ৰায় সংখ্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেই ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী নকৰাত পুনৰ ২০১৯ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী জাৰি কৰি গণ প্ৰহাৰৰ প্ৰসংগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। দেশৰ কেৱল তিনি খন ৰাজ্যইহে গণ প্ৰহাৰৰ বিৰুদ্ধে বিশেষ আইন প্ৰণয়ন কৰিলে।এই ক্ষেত্ৰত অসমত কেইবাটাও গণ প্ৰহাৰৰ ঘটনা ঘটি যোৱাৰ পিছতো অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি বিশেষ কোনো গুৰুত্বই নহ’ল।

অসমত সেয়ে গণ প্ৰহাৰৰ যিবোৰ ঘটনা ঘটিবলৈ পালে সেইবোৰ অসম চৰকাৰ অমনোযোগিতা আৰু উদাসীনতাৰ ফলতে ঘটা ঘটনা বুলি কোৱাৰো নিশ্চয়কৈ থল আছে।

অসমত গণ প্ৰহাৰ প্ৰতিৰোধৰ কঠোৰ আইন এখন নথকাৰ বাবে বহুতে এনে ঘটনাত জৰিত হ’বলৈ কুণ্ঠাবোধ নকৰা হৈছে আৰু আইনৰ সুৰুঙাৰেও বাৰে বাৰে সাৰি গৈছে গণ প্ৰহাৰত জৰিত অপৰাধীসকল।

আৰক্ষীয়েও গণ প্ৰহাৰৰ বিষয়ত সতৰ্ক হৈ থকাৰ মনোভাৱ প্ৰদৰ্শন কৰিব পৰা নাই।

কাৰণ গণ প্ৰহাৰৰ ঘটনা ঘটিলেও সংশ্লিষ্ট অঞ্চলৰ দায়িত্বত থকা আৰক্ষীক শাস্তি বিহিব পৰা কোনো আইন অসমত নাই।

অভি-নীল হত্যাৰ ক্ষেত্ৰতো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছিল।

কিন্তু ইমানৰ পিছতো সেই ঘটনাৰ অপৰাধীসকলকো আজি পৰ্যন্ত শাস্তি বিহিব পৰা নগ’ল। অনিমেষ হত্যাৰ ক্ষেত্ৰত তেনে নঘটক তাকেই কামনা কৰিছো।

দুলাল মিশ্ৰ,গুৱাহাটী

দুলাল মিশ্ৰ,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd