বিজেপিক পৰাস্ত কৰিবলৈ সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা লাগিব : মল্লিকাৰ্জুন খৰ্গে

‘ঘৃণাৰ পৰিৱেশ’, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অৱস্থাক লৈ তেওঁ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ ভাষাৰে আক্ৰমণ কৰে। বিৰোধী পক্ষৰ ঐক্যৰ বাবে কাতৰ অনুৰোধ জনাই সভাপতি খৰ্গেই কয়, “ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ বাবে এক সুনিৰ্দিষ্ট বিকল্প গঢ়াৰ লক্ষ্যৰে আমি সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা কৰিব বিচাৰো।”

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শনিবাৰে কয় যে তেওঁৰ দলে পৰৱৰ্তী লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ সুনিৰ্দিষ্ট বিকল্প গঠনৰ বাবে সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী।

কংগ্ৰেছৰ দলৰ ৮৫ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশনত দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰে দেশক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰি মোডী চৰকাৰক দৰিদ্ৰ বিৰোধী বুলি দাবী কৰে।

‘ঘৃণাৰ পৰিৱেশ’, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অৱস্থাক লৈ তেওঁ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ ভাষাৰে আক্ৰমণ কৰে। বিৰোধী পক্ষৰ ঐক্যৰ বাবে কাতৰ অনুৰোধ জনাই সভাপতি খৰ্গেই কয়, “ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ বাবে এক সুনিৰ্দিষ্ট বিকল্প গঢ়াৰ লক্ষ্যৰে আমি সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা কৰিব বিচাৰো।”

মোডী চৰকাৰে দেশৰ গণতন্ত্ৰক ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰা হ’ব বুলি কয় খৰ্গেই।

সভাপতি খৰ্গে কয় আজি দেশখনে কঠিন সময় পাৰ কৰিছে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ অধিৱেশন বন্ধ কৰিবলৈ বিজেপি চৰকাৰে ইডিৰ অভিযান চলাইছিল।

ইফালে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে চীনক বৃহৎ অৰ্থনীতি আৰু ইয়াক আক্ৰমণ কৰিব নোৱাৰি বুলি কোৱা কথাটো এক ডাঙৰ ব্যৰ্থতা বুলিও কয় খৰ্গেই।

ৰাহুল গান্ধীক ধন্যবাদ জনাই তেওঁ কয়, “ভাৰত জোড়ো যাত্ৰাৰ পোহৰ সমগ্ৰ দেশতে বিয়পি পৰিছে। ৰাহুল গান্ধীয়ে অসম্ভৱক সম্ভৱ কৰি তুলিলে।”