NORTHEAST NOW (Assamese)

খেতিয়কৰ হাহাকাৰ : বজাৰত গৰুৰ বিক্ৰী নাই

December 8, 2024 3:46 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গো-মাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে হাহাকাৰ লাগিছে শিৱসাগৰ ৰাজমাই গৰু বজাৰত । গৰু বিক্ৰী কৰিব নোৱাৰি ‎ঘৰৰ গৰু ঘৰলৈ লৈ উভটিছে খেতিয়ক।

কিন্তু এতিয়া গো মাংস নিষিদ্ধ কৰাৰ পিছতেই যেন লাঠ পৰিছে অসমীয়া খেতিয়কৰ পেটত। গৰুৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস ‎হোৱাত  গো-পালক সকল বিপদত পৰিছে গৰু বিক্ৰী কৰিব নোৱাৰি ।

লক্ষ্যণীয় যে উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰ খনেই হ’ল ৰাজমাইৰ গৰু বজাৰ। ‎

শিৱসাগৰ , ডিব্ৰুগড় , চৰাইদেউ, লক্ষীমপুৰ , ধেমাজী তিনিচুকীয়া জিলাৰ শ শ গো-পালকে ৰাজমাই বজাৰলৈ আনে গৰু। ‎বৰ্তমান গো-মাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত । উল্লেখ্য যে গৰু নিষিদ্ধ হোৱাৰ বাবে ৰকিবুল হুছেইনক ‎জগৰীয়া কৰিছে একাংশ গোপালকে।

ৰাজনৈতিক নেতাৰ মাজত লগা অৰিয়া অৰিৰ বাবেই গো-পালক সকল বিপদত পৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্য জনক ‎বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজ তথা বেপাৰীসকলে। গৰু বিক্ৰী কমি যোৱাৰ বাবে জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে ‎এইসকল কৃষকৰ। লগতে অচিৰেই নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনাইছে খেতিয়ক সকলে।

Related News