খিলঞ্জীয়াৰ স্বাৰ্থত কোনো ৰাজনৈতিক দল নাই, সেয়ে মই নিৰ্দলীয়: উপমন্যু হাজৰিকা

There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

‘খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কোনো ৰাজনৈতিক দল নাই।‘ মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই এই মন্তব্য কৰে।

সেয়েহে তেওঁ গুৱাহাটী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বুলি সদৰী কৰি কয় ‘নৰেন্দ্ৰ মোদী, চোনীয়া গান্ধী অথবা প্ৰফুল্ল মহন্তই মোক ঘৰত আহি টিকেট দিলেও নিৰ্বাচনত কোনো দলৰ হৈ উঠিব নোৱাৰো।‘

তেওঁ আৰু কয় ‘যিসমূহ বিষয় লৈ আমি আগবাঢ়িছো, সেই বিষয়সমূহ সমাধান কৰাৰ বাবে কোনো ৰাজনৈতিক দল নাই। ময়ো নিৰ্দলীয় প্ৰাৰ্থী, গতিকে খিলঞ্জীয়াই নিৰ্দলীয়ক ভোট দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই।‘

ইয়াৰোপৰি, গুৱাহাটী লোকসভা সমষ্টিত প্ৰায় ১৮ লাখ ‘খিলঞ্জীয়া’ ভোটাৰ থকা বুলি সংবাদমেলত তেওঁ দাবী কৰে।

ইপিনে,  ২০১৬ চনত মুখ্য মন্ত্ৰী সোণোৱালে ‘এজনো বিদেশীক অসমত স্থান দিয়া নহ’ব’ বুলি কোৱা কথাষাৰ উনুকিয়াই দি সংবাদমেলত হাজৰিকাই কয় ‘কিন্তু আজি সেই প্ৰতিশ্ৰুতি ক’ত গ’ল? ’

‘এইক্ষেত্ৰত কংগ্ৰেছো ধোৱা তুলসীৰ পাত নহয় ।‘ বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘২০১৫ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেৱল ভোটৰ স্বাৰ্থতে  বাংলাদেশী ৰক্ষণাবেক্ষণৰ বাবে শপতনামা দাখিল কৰিছিল আৰু এতিয়া ক্ষমতা হেৰুৱাৰ পাছত নিজকে নিৰ্দোশী সজাবলৈ CABৰ বিৰুদ্ধে কৈ আহিছে।‘

ইয়াৰোপৰি কোনো এক ৰাজনৈতিক দলেই বিদেশী সমস্যা সমাধানৰ পক্ষত নাই বুলি দাবী কৰে হাজৰিকাই।

তেওঁ কয় ‘আজি খিলঞ্জীয়াই যদি এওঁলোকক বুজি নুঠে ভৱিষ্যতে অসমৰ ভুমিপুত্ৰ অসমতে সখ্যালঘু হ’ব।‘

আনহাতে, বিগত বৰ্ষৰ ২৮ আগষ্টৰ দিনা উচ্চতম ন্যায়ালয়ে ১০% নমুনা পুনৰ পৰীক্ষণৰ বাবে নিৰ্দেশ দিলে কিন্তু চৰকাৰ আৰু সকলো ৰাজনৈতিক দলে বিপৰীত স্থিতি লৈ বাদ পৰা বিদেশীসকলকহে অন্তৰ্ভুক্ত কৰিবলৈ তৎপৰতা দেখুৱাইছে বুলিও অভিযোগ কৰে হাজৰিকাই।

ইপিনে, গুৱাহাটী লোকসভা সমষ্টিৰে অন্তৰ্গত বহু অঞ্চলত সন্দেহযুক্ত বাংলাদেশীয়ে ভূমি বেদখল কৰাৰ অভিযোগ তোলে হাজৰিকাই।

‘সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল কৰা লাখ লাখ বিঘা সংৰক্ষিত ভূমি বেদখলমুক্ত নকৰি স্থানীয় ভুক্তভোগী খিলঞ্জীয়া ৰাইজক সকাহ নিদিলে চৰকাৰখনে।‘ হাজৰিকাই এইদৰে কয়।

ইয়াৰোপৰি, হাজো, দোকনিয়া, পলাশবাৰী, ছয়গাওঁ, দক্ষিণ সৰুবংশী মৌজা, বকো, দুধনৈ, নগৰবেৰা ইত্যাদি অঞ্চলসমূহৰ ভূমি বেদখলমুক্ত নহ’ল বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, গুৱাহাটীৰ অন্যান্য সমস্যা যেনে খোৱা পানীৰ সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় ‘পানীৰ অভাৱৰ ফলত গুৱাহাটীৰ প্ৰায় ৮০ শতাংশ বাসিন্দাই খোৱা আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে পানী কিনিব লাগে। জনসাধাৰণৰ যিমান প্ৰয়োজন বৃদ্ধি হৈছে, তাৰ বাবে অতিৰিক্ত পানীৰ উৎস অনুসন্ধান কৰা অনিবাৰ্য। গুৱাহাটীৰ লগতে অসম এখন বৰষুণ প্ৰধান এলেকা আৰু বৈজ্ঞানিক প্ৰযুক্তিৰে সেই বৰষুণৰ পানীৰে কমি যোৱা ভূ-গৰ্ভৰ জলাশয় সহজে বৃদ্ধি কৰিব পাৰে।‘

ইপিনে, গুৱাহাটী মহানগৰৰ ওচৰে-পাজৰে অঞ্চলসমূহত উদ্যোগসমূহ গঢ় লৈ উঠিছে যদিও শিক্ষিত যুৱকসকল উপকৃত হোৱা নাই বুলিও সংবাদমেলত হাজৰিকাই সদৰী কৰে।

‘বি.এ. পাছ কৰিলেও ৮-১০ হাজাৰ টকাৰে চাকৰি কৰিবলগীয়া হৈছে স্থানীয় খিলঞ্জীয়া যুৱকসকলে। মান্দাকাটা, হাজো, ছয়গাওঁ, আমিনগাওঁ ইত্যাদি অঞ্চলসমূহত বহুসংখ্যক উদ্যোগ গঢ় লৈ উঠিছে যদিও তাৰ পৰা উপকৃত হোৱা নাই যুৱক-যুৱতীসকল।‘ হাজৰিকাই এইদৰে কয়।

হাজৰিকাৰ প্ৰশ্ন ’৪৫ হাজাৰ টকা দৰমহা দি এজন ব্যক্তিক অন্ধ্ৰপ্ৰদেশৰ পৰা অনাতকৈ অসমৰে স্থানীয় যুৱক এজনক প্ৰশিক্ষণ দি ২৫ হাজাৰ টকাৰ এটা চাকৰি দিব নোৱাৰি নেকি?’