যিকোনো চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ যাওঁতে সন্মুখীন হ’ব পাৰে এইকেইটা প্ৰশ্নৰ
চৰকাৰী বা বেচৰকাৰী প্ৰায়বোৰ চাকৰিৰ ক্ষেত্ৰতেই আবেদনকাৰী প্ৰাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰৰ মুখা–মুখি হ’ব লগা হয়। মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে সাক্ষাৎগ্ৰহণকাৰী বিষয়াই প্ৰাৰ্থীজনৰ ব্যক্তিত্ব, সাধাৰণ জ্ঞান, সততা, উপস্থিত বুদ্ধি আদি পৰীক্ষা কৰে। এই সমূহ পৰীক্ষা কৰিবৰ বাবে সাধাৰণতে সাক্ষাৎগ্ৰহণকাৰী বিষয়াই সঘনাই কেইটামান প্ৰশ্ন কৰা দেখা যায়। কিন্তু কিছু সময়ত উত্তেজনা, ভয় বা অন্যান্য কাৰণত প্ৰাৰ্থীসকলে এই প্ৰশ্নসমূহৰ উত্তৰ ভালদৰে দিব নোৱাৰৰ বাবে প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত হ’বলগা হয়। কি সেইকেইটা প্ৰশ্ন?
জানো আহক চাকৰিৰ সাক্ষাৎগ্ৰহণকাৰীয়ে আবেদনকাৰী প্ৰাৰ্থীক সততে সোধা কেইটামান প্ৰশ্নৰ বিষয়ে –
প্ৰশ্ন ১ – আপোনাৰ নিজৰ বিষয়ে কওঁক ?
যদি সাক্ষাৎগ্ৰহণকাৰীয়ে সাক্ষাৎকাৰৰ সময়ত কোনো প্ৰাৰ্থীক এইধৰণৰ প্ৰশ্ন সুধিছে, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁ আপোনাৰ বিষয়ে জানিব বিচাৰে। গতিকে উত্তৰত আপুনি আপোনাৰ বায়’ডাটাত নথকা কথা এটা কওক।
প্ৰশ্ন ২ – আপুনি এই চাকৰিটো কিয় বাছি লৈছে?
যদিহে আপোনাক সাক্ষাৎগ্ৰহণকাৰীয়ে এই প্ৰশ্নটো সোধে, তাৰমানে তেওঁ জানিব বিচাৰিছে যে সঁচাই আপুনি সেই কামটোৰ বাবে আগ্ৰহী হয়নে নহয়। গতিকে এনেকৈ উত্তৰ দিব যাতে সাক্ষাৎগ্ৰহণকাৰীয়ে পতিয়ন যায় যে আপুনি এই কামটোৰ বাবে সঁচাকৈয়ে আগ্ৰহী।
প্ৰশ্ন ৩ – আপোনাৰ সপোনৰ চাকৰিটো কি?
এই প্ৰশ্নটো সাক্ষাৎকাৰত প্ৰায়ে সোধা হয়। এই প্ৰশ্নৰ উত্তৰত সাক্ষাৎগ্ৰহণকাৰীয়ে আচলতে জানিব বিচাৰে প্ৰাৰ্থীজনৰ লক্ষ্য কি! গতিকে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ আগতেই এই প্ৰশ্নৰ এটা ভাল উত্তৰ প্ৰস্তুত কৰিব লাগে।
প্ৰশ্ন ৪ – আপুনি মানসিক চাপ আৰু কামৰ চাপ কেনেকৈ চম্ভালে?
মানসিক চাপ, কামৰ চাপ জীৱনৰ এটা অংশ। সকলোৱে ইয়াৰ সৈতে মোকাবিলা কৰিব লাগিব। এই কাৰণেই সাক্ষাৎগ্ৰহণকাৰীয়ে প্ৰতিজন প্ৰাৰ্থীক এই প্ৰশ্নটো সোধে। সাক্ষাৎগ্ৰহণকাৰীয়ে আচলতে আপোনাৰ পৰা জানিব বিচাৰে, চাপৰ মাজতো আপুনি কাম কৰিব পাৰে নে নোৱাৰে।
প্ৰশ্ন ৫ – আপুনি কিমান দৰমহা আশা কৰে?
সাধাৰণতে এই প্ৰশ্নটো সাক্ষাৎকাৰৰ একেবাৰে শেষত সোধা হয়। প্ৰাৰ্থীৰ সাক্ষাৎকাৰ ভাল হ’লে এনে প্ৰশ্ন আহে। এজন ফ্ৰেচাৰে এই কথাৰ উত্তৰ অতি সাৱধানে দিব লাগে।