NORTHEAST NOW (Assamese)

ৰোজাৰ সময়ত শৰীৰটো ভালে ৰাখিবলৈ মনত ৰাখক এই কেইটা কথা

March 19, 2024 7:15 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: March 18, 2024 9:53 pm

ইছলামত ৰমজানক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। ৰমজান মাহৰ আৰম্ভণি হয় চন্দ্ৰ দৰ্শনৰ পৰা। চৌদি আৰৱত প্ৰথম চন্দ্ৰ দেখা পোৱাৰ লগে লগে ৰমজান মাহৰ আৰম্ভণি হয়। 

ৰোজাৰ সময়ত ইছলামিক সম্প্ৰদায়ৰ লোকসকলে সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে গোটেই এমাহ একো নাখায়। আনকি বহুতে গোটেই দিনটো পানীও নাখায়। তেওঁলোকে সুৰ্যোদয়ৰ আগতে খাদ্য গ্ৰহণ কৰে আৰু সূৰ্যাস্তৰ পিছত ৰোজা ভংগ কৰে। যিহেতু গ্ৰীষ্মকালত ৰোজা ৰখা হয়, গতিকে শৰীৰত পানীৰ অভাৱৰ পৰা হাত সাৰিবলৈ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।

এই সময়ত প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পানীৰ অভাৱ হ’লে শৰীৰৰ ক্ৰমান্বয়ে অৱনতি ঘটে। ৰাতিপুৱা উঠিয়েই প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পানীয়ে পেট পৰিষ্কাৰ কৰি ৰাখে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই পঠায়। 

ৰোজাৰ সময়ত  চাহ-কফি বেছিকৈ নাখালে ভাল। কাৰণ ৰাতিপুৱা প্ৰচুৰ পৰিমাণে চাহ-কফি খালে শৰীৰত পানীৰ অভাৱ ঘটিব পাৰে। আনকি গেছ, এচিডিটিৰ দৰে সমস্যাও সৃষ্টি কৰিব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হওক। 

আপুনি ৰাতিপুৱা নাৰিকল পানী খাব পাৰে। নাৰিকলৰ পানীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মূৰৰ বিষৰ সমস্যাৰ পৰাও মুক্তি দিয়ে নাৰিকলৰ পানীয়ে।  ইয়াৰ লগতে ৰোজাৰ দিনকেইটাত প্ৰচুৰ পৰিমাণে ফলৰ ৰস খাওঁক। ই আপোনাৰ শৰীৰত পানীৰ প্ৰয়োজন পূৰ কৰাৰ লগতে শক্তিশালী হৈ থকাত সহায় কৰিব।

Related News