ৰামায়ণত অভিনয় কৰা এই পাঁচগৰাকী অভিনেতাৰ ঘটিছে দেহাৱসান

Ramayana

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ বাবে দেশৰ ১৩০ কোটি জনতা ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

এই ল’কডাউনৰ সময়ত যাতে জনসাধাৰণে বিৰক্তি অনুভৱ নকৰে তাৰবাবে দুৰদৰ্শনে পুনৰ দৰ্শক সকলৰ বাবে ৰামায়ণৰ সম্প্ৰচাৰ আৰম্ভ কৰিছে।

ভাৰতৰ প্ৰায়ভাগ লোকৰ মনত এতিয়াও ৰামায়ণৰ চৰিত্ৰ সমূহ সজীৱ হৈ আছে যদিও মহাভাৰতত অভিনয় কৰা তলত উল্লেখ কৰা এই পাঁচগৰাকী অভিনেতাৰ দেহাৱসান ঘটিছে।

দেহাৱসান ঘটা অভিনেতা পাঁচ গৰাকী-

১. দাৰা সিং(হনুমান) – ৰামায়ণত হনুমানৰ চৰিত্ৰ ৰূপায়ন কৰি সকলোৰে চিনাকী হৈ পৰা দাৰা সিঙৰ ২০১২ চনৰ ১২ জুলাইত দেহাৱসান ঘটে। দাৰা সিঙৰ দেহাৱসান ঘটিলেও আজিও মানুহে হনুমানৰ চৰিত্ৰলৈ মনলৈ আনিলে দাৰা সিঙক মনত পেলায়।

২.  বিজয় আৰোৰা(মেঘনাদ)- ৰামায়ণত মেঘানাদৰ চৰিত্ৰ ৰূপায়ন কৰা বিজয় আৰোৰাৰ ২০০৭ চনত মৃত্যু হয়। পেটৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বিজয় আৰোৰাৰ মৃত্যু হৈছিল।

৩. ললিতা পাৱাৰ(মন্থৰা)- বলিউদৰ অভিনেত্ৰী ললিতা পাৱাৰে ৰামায়ণত মন্থৰাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। হিন্দীৰ লগতে মাৰাথী, গুজৰাটী ভাষাৰ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰা ললিতা পাৱাৰৰ ১৯৯৮ চনত দেহাৱসান ঘটিছিল।

৪. জয়শ্ৰী গদকাৰ(কৌশল্যা)- ৰামায়ণত ৰামৰ মাতৃ কৌশল্যাৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰী জয়শ্ৰী গদকাৰে। ২০০৮ চনত জয়শ্ৰী গদকাৰে পৰলোকপ্ৰাপ্তি ঘটে।

৫. সঞ্জয় যোগ(ভৰত)- ৰামৰ ভাতৃ ভৰতৰ চৰিত্ৰ কৰি সকলোকে মুগ্ধ কৰিছিল সঞ্জয় যোগে। ৯০ দশকৰ জনপ্ৰিয় টিলিভিশ্যন ষ্টাৰ সঞ্জয় যোগে লিভাৰৰ কৰ্কট ৰোগৰ বাবে মাত্ৰ ৪০ বছৰ বয়সতে অকাল মৃত্যুক সাৱতিবলগীয়া হয়।