NORTHEAST NOW (Assamese)

চিঙৰা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে ১২ লাখ টকা

March 14, 2023 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 14, 2023 7:34 pm

বাংগালুৰুত ৰাস কৰা এহাল দম্পতীয়ে চিঙৰা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে ১২ লাখকৈ টকা। শুনি আচৰিত যেন লাগিলেও এই তথ্য সঁচা। তেওঁলোকৰ বাৰ্ষিক আয় ৪৫ কোটি টকা!

চিঙৰা বিক্ৰী কৰি কোটিপতি হোৱা এই দম্পতী হৈছে নিধি সিং আৰু তেওঁৰ প্ৰেমিক শিখৰবীৰ সিং। ২০১৬ চনত তেওঁলোকে বাংগালুৰুত এখন চিঙৰাৰ দোকান খুলিছিল। দোকান খনৰ নাম দিয়া হৈছিল সমোছা সিংহ

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিধি আৰু শিখৰৰ প্ৰথম সাক্ষাৎ হৈছিল হাৰিয়ানাত। দুয়োজনে তাতেই কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বায়’টেকন’লজীত বি. টেক কৰিছিল। তাৰ পিছতে শিখৰে বায়’কনৰ প্ৰধান বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। আনহাতে নিধিয়েও গুৰুগ্ৰামৰ এটা ঔষধ কোম্পানীৰ ভাল পদবীত কাম কৰি আছিল। বছৰি ৩০ লাখ টকা দৰমহা পোৱাৰ পিছতো তেওঁ কাম কৰি সুখী হোৱা নাছিল।

শেষত বহু চিন্তাৰ অন্তত দম্পতীহালে বাংগালুৰুত চিঙৰাৰ দোকান এখন খোলাৰ সিদ্ধান্ত লয়। ২০১৫ চনত দুয়োজনে চাকৰিৰ পৰা পদত্যাগ কৰি ২০১৬ চনত চিঙৰাৰ দোকান সমোছা সিংহআৰম্ভ কৰে।

এটা প্ৰতিবেদনত কোৱা হৈছে এইহাল দম্পতীৰ বাৰ্ষিক আয় ৪৫ কোটি টকা। অৰ্থাৎ দৈনিক আয় ১২ লাখ টকা।

উল্লেখ্য যে এই দম্পতীয়ে নিজৰ ব্যৱসায়ক এইটো পৰ্যায়লৈ লৈ যাবলৈ বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে। ব্যৱসায় কৰিবৰ বাবে এটা ডাঙৰ ৰান্ধনীশালৰ প্ৰয়োজন হোৱাত নিজৰ থকা ঘৰটোও বিক্ৰী কৰি দিছিল দম্পতীহালে।

Related News