NORTHEAST NOW (Assamese)

বাহ কি যে অ’ফাৰ! এই গাঁওসমূহত বাস কৰিলেই দিছে ২৫লাখ টকা

July 12, 2021 7:11 pm · এন ই নাও নিউজ

বৰ্তমান সময়ত ছচিয়েল মিডিয়াৰ সৌজন্যত প্ৰায়েই আচৰিত কৰি তোলা বহু খৱৰ বা ঘটনা পোহৰলৈ আহে।

এনে বহু ঘটনা আছে যিবোৰ অবিশ্বাস্য হ’লে দৰাচলতে সত্য ঘটনা।

আন্তৰ্জাতিক সংবাদ মাধ্যম চি এন এনৰ খৱৰ অনুসৰি, ইটালীৰ এই গাঁৱবোৰত বাস কৰিলেই দিয়া হৈছে ৩০লাখ টকা!

বাতৰি অনুসৰি, ইটালীৰ দক্ষিণ-পশ্চিমাঞ্চলৰ কেলাবেৰিয়া অঞ্চলত দিয়া হৈছে এই অবিশ্বাস্য সুবিধা।

কিন্তু এইক্ষেত্ৰত কথাটো হ’ল তাত গৈ প্ৰথমতে আপুনি ৰেষ্টুৰেন্ট বা দোকান খুলিব লাগিব আৰু ঘৰ বান্ধি ল’ব লাগিব। তাৰপাছত চৰকাৰৰ ফালৰ পৰা ৩বছৰত ৩৩হাজাৰ মাৰ্কিন ডলাৰ পোৱা যাব যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২৫লাখ টকা।

বাতৰি মতে, অঞ্চলটোৰ গাঁৱসমূহত জনসংখ্যা দ্ৰুতভাৱে হ্ৰাস পাইছে আৰু বহুতো গাঁৱ জনশূন্য হৈ পৰিছে।

সেয়ে, বাহিৰৰ পৰা মানুহ লৈ গৈ গাঁৱসমূহৰ জীৱন তথা অৰ্থনৈতিক স্থিতি সুচল কৰি ৰখাৰ বাবেই ইটালী চৰকাৰে এনে সিদ্ধান্ত লৈছে।

Related News