• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব জটিল ৰোগৰ চিকিৎসা

দিছপুৰত স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত স্বাস্থ্য বিভাগ-হস্পিতাল কৰ্তৃপক্ষৰ বুজাবুজি চুক্তি সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2021 7:48 pm
E6GeGRhVoAMaNV6
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসানুষ্ঠান শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে।

অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত আজি নতুনকৈ অন্তৰ্ভুক্ত হ’ল ভেলোৰৰ শ্ৰীপুৰমস্থিত এই ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়খন।

Apply Now

দিছপুৰৰ জনতা ভৱনত সোমবাৰে বিয়লি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিক ভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত বিধায়কদ্বয় মানৱ ডেকা, দিগন্ত কলিতাৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, স্বাস্থ্য সচিব, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালকৰ উপৰি স্বাস্থ্য বিভাগৰ হৈ অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামী আৰু উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰেও অংশগ্ৰহণ কৰা এক অনুষ্ঠানত অটল অমৃত অভিযানৰ কৰ্তৃত্বশীল স্বাক্ষৰকাৰী আৰু শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ হৈ চিকিৎসালয়খনৰ সঞ্চালক ড০ এন বালাজীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা সুদুৰ ভোলোৰত হৃদৰোগ, কৰ্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব।

ভেলোৰৰ শ্ৰীশক্তি আম্মা হেল্থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দুখীয়া  ৰাইজৰ বাবেও জটিল ৰোগৰ ক্ষেত্ৰত ব্যয়বহুল চিকিৎসা লাভ কৰাটো নিশ্চিতকৰণৰ দিশত স্বাস্থ্য বিভাগৰ এই আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে।

গুৱাহাটী উন্নয়ন তথা নগৰাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিংঘলেও এই বুজাবুজি চুক্তিয়ে অসম চৰকাৰৰ অটল অমৃত অভিযানক অধিক গতিশীল কৰাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন সামৰ্থৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ লোকৰ বাবে সাধাৰণতে হোৱা ৬ টা উচ্চ ব্যয় সাপেক্ষ ৰোগৰ চিকিৎসা লাভ কৰাটো সুলভ আৰু সহজসাধ্য কৰি তোলাৰ বাবে অসম চৰকাৰে এনে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে বছৰি ২ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহনৰ ব্যৱস্থাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতিৰ আঁচনিখন ৰূপায়ণ কৰি আহিছে।

হৃদজনিত ৰোগ, কৰ্কট, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰাসহ এই ৬ শ্ৰেণীৰ ৰোগৰ অধীনৰ মুঠ ৪৩৮ বিধ স্বাস্থ্যজনিত জটিলতাত ভোগা ৰোগীৰ চিকিৎসা আঁচনিখনত অন্তৰ্ভুক্ত হৈ আছে।

অটল অমৃত অভিযানৰ অধীনত সুলভ চিকিৎসাৰ সুবিধা গ্ৰহণৰ বাবে বছৰি ১.২০ লাখ টকাৰ তলৰ উপাৰ্জনক্ষম দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আৰু বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জনক্ষম আৰ্থিক ভাৱে দুৰ্বল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সদস্যসকলে নিজ অঞ্চলৰ অসামৰিক চিকিৎসালয়ত আবেদন কৰি অটল অমৃত কাৰ্ড আহৰণ কৰিব পাৰে।

আঁচনিখনৰ অধীনত অসম চৰকাৰৰ সৈতে চুক্তিবদ্ধ অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়সমূহত এই অটল অমৃত কাৰ্ড দেখুৱালেই দুখীয়া পৰিয়ালৰ ৰোগীয়ে সৰ্বাধিক ২ লাখ টকা পৰ্যন্ত ৰেহাইৰে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব।

অটল অমৃত অভিযানৰ তালিকাভুক্ত চিকিৎসালয় হিচাপে আজি অন্তৰ্ভুক্ত হোৱা শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰৰ সঞ্চালক ডাঃ বালাজীয়ে প্ৰকাশ কৰা মতে অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ হৃদৰোগ, কৰ্কট, বৃক্ষ সংস্থাপন, মূত্ৰৰোগ, নিউৰ’ ছাৰ্জাৰী আদিৰ ক্ষেত্ৰত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd