গোলাঘাটত চোৰৰ চেলেঞ্জ আৰক্ষীক; দিন দুপৰতে অধিবক্তাৰ ৰয়েল এনফিল্ড লৈ উধাও

IMG-20210209-WA0005(1)

বাইক চুৰি কৰি নিয়া স্থানডোখৰ। ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটত পুনৰ চোৰৰ চেলেঞ্জ আৰক্ষীক। দীৰ্ঘদিন বিৰতিৰ মূৰত পুনৰ মঙলবাৰে গোলাঘাটত দিন দুপৰতে সংঘটিত হ’ল চুৰিকাণ্ড।

গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ পৰাই চোৰে চুৰি কৰি নিলে এগৰাকী অধিবক্তাৰ এখন ৰয়েল এন ফিল্ড বাইক।

বাইকখনৰ নম্বৰ হ’ল AS05J7192 আৰু অধিবক্তা গৰাকীৰ নাম অভিনৱ বৰা।

উল্লেখযোগ্য যে, দীৰ্ঘদিন পূৰ্বতে গোলাঘাটত ইটোৰ পিছত সিটো চুৰি কাৰ্য্যই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল গোলাঘাট চহৰত।

গোলাঘাট আৰক্ষীৰ কটকীয়া ব্যৱস্থাৰ বাবেই গোলাঘাট চহৰত বাইক গাড়ী চুৰিৰ কাৰ্যৰ নাকি লগাবলৈ সক্ষম হৈছিল।

কিন্তু পুনৰ এইবাৰ চহৰখনৰ মাজমজিয়াৰ পৰাই বাইক চুৰি কাৰ্যৰে আৰক্ষীক চেলেঞ্জ দিছে বাইক চোৰে।

এতিয়া পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ’ব লক্ষ্যণীয়।