লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ সহ পলাল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ অভিযুক্ত

Ugratara temple story

আজিজুল আলী

বিগত বৰ্ষৰ ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱা ঘটনাৰ লগত জড়িত থকা অভিযোগত লতাশিল আৰক্ষীয়ে ১৯ জুনত গুৱাহাটীৰ চচলৰ পৰা আজিজুল আলী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

কিন্তু আশ্বৰ্যজনকভাৱে লতাশিল আৰক্ষীৰ হাতৰ পৰা আজি পলায়ন কৰে উগ্ৰতাৰা মন্দিৰ চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা আজিজুল আলীয়ে। আৰক্ষীয়ে তদন্তৰ বাবে পাঞ্জাবাৰীলৈ নি থকা অৱস্থাত জুৰিপাৰৰ পৰা হেণ্ডকাফসহ পলায়ন কৰে আজিজুল আলীয়ে।

আৰক্ষীৰ জিম্মাৰ পৰা এনেদৰে চোৰ এটাই পলায়ন কৰা ঘটনাই সমগ্ৰ মহানগৰ আৰক্ষীক লজ্জানত কৰিছে।

উল্লেখযোগ্য যে উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰি ঘটনাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থতাৰ সন্মুখিন হ’বলগীয়া হয়। লতাশিল আৰক্ষীয়ে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছদিনাই চি চি ফুটেজৰ ভিত্তিত তিনিগৰাকী লোকক গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰিছিল আৰু তেওঁলোকৰ মুখেৰে মন্দিৰৰ বিগ্ৰহ ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা বুলি স্বীকাৰ কৰাই ঘটনাৰ বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

আনহাতে, উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ একমাত্ৰ গোলাঘাট আৰক্ষীৰ তৎপৰতাৰ বাবেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ইয়াত মহানগৰ আৰক্ষীৰ কোনোধৰণৰ অৰিহণা নাই।

৩০ এপ্ৰিলৰ নিশা এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা এটা দলে নলবাৰীৰ পৰা মন্দিৰৰ বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত চাৰিগৰাকী চোৰ ক্ৰমে চান হুছেইন, আদিল আলী, ৰাহুল আলী আৰু মিণ্টু ৰয়ক আটক কৰিবলৈ সক্ষম হৈছিল।

মহানগৰ আৰক্ষীয়ে চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মাত্ৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু আজি সেই অভিযুক্তগৰাকী স্বয়ং কৰ্তব্যৰত আৰক্ষীৰ হাতৰ পৰা পলাই যোৱা কথাটোৱে ৰাইজক আচৰিত কৰি তোলাৰ লগতে পুনৰবাৰ মহানগৰ আৰক্ষীৰ দুৰ্বল স্বৰূপ উদঙাই দিয়ে।