বিহালীত নিৰ্মীয়মাণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লোহাৰ ৰড চুৰি চক্ৰক গ্ৰেপ্তাৰ

চোৰৰ টাৰ্গেট এইবাৰ ঘৰৰ ভিতৰত থকা মূল্যৱান সা সামগ্ৰীৰ ওপৰত নহয় । নহয় কোনো আপোনাৰ লকাৰত ৰাখি থোৱা সাচতীয়া ধন, আ-অলংকাৰৰ ওপৰত নহয় ।

এইবাৰ চোৰৰ টাৰ্গেট ৰাষ্ট্ৰীয় ঘাইপথৰ কাম নিৰ্মাণ চলি থকা আচবাবৰ ওপৰত । হয়, এনে ঘটনা পোহৰলৈ আহিছে বিশ্বনাথৰ বিহালীত ।

বিহালীৰ বেদেতীত নিৰ্মীয়মাণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লোহাৰ ৰড চুৰি কৰি দুজন যুৱক হল ৰঙাঘৰৰ আলহী। নিৰ্মিয়মান অৱস্থাত থকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত DCC কোম্পানীত কাম কৰি থকা শ্ৰমিক শ্বাহালম আলি নামৰ শ্ৰমিক জনে বৰাজুলীৰ শিলভানুচ তাঁতী নামৰ লোকজনক ৪৪ ডাল প্ৰায় ডেৰ কুইন্টল ৰড বিক্ৰী কৰিছিল।

পথ নিৰ্মাণকাৰী সংস্থা DCC য়ে চুৰি হোৱা ৰডৰ সন্দৰ্ভত বিহালী থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত বিহালী আৰক্ষীয়ে ৰড সহ দুয়োকে আটক কৰি বিহালী থানাৰ কেছ নং ৮৮/২০২২ ত ভৰতীয় দণ্ডবিধি আইন ৩৭৯ /৪১১ /৩৪ ত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।