কোকৰাঝাৰৰ মাৰ্চেন্ট কালীবাৰীত চুৰিকাণ্ড; লুটি নিলে মন্দিৰৰ তিনি লাখ টকাৰ সা-সামগ্ৰী

Kokrajhar thief in Temple

ফটো: নৰ্থইষ্ট নাও।

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ বিবেকানন্দ পথত বুধবাৰে নিশা মাৰ্চেন্ট কালীবাৰী মন্দিৰত সংঘটিত হয় এক চুৰি কাণ্ড ৷

মন্দিৰৰ ভিতৰত ভেন্টিলেটৰ ভাগি ৩/৪ জনীয়া চোৰৰ দল এটি প্ৰৱেশ কৰি মন্দিৰৰ দান ভাণ্ডাৰৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন লুটি নিয়ে ৷

মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা মতে চোৰে প্ৰায় তিনি লাখ টকাৰ সা-সামগ্ৰী লুটপাত কৰি নিয়ে ৷

উল্লেখ্য যে, কোকৰাঝাৰ মাৰ্চেন্ট কালীবাৰী মন্দিৰত পূৰ্বতে দুবাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছিল আৰু চুৰি কাণ্ডত মন্দিৰৰ আশেপাশে থকা লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷

ইতিমধ্যে চুৰিকাণ্ড সংক্ৰান্তত কোকৰাঝাৰ আৰক্ষীয়ে চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি জোৰদাৰ অভিযান অব্যাহত ৰাখিছে ৷

সম্প্ৰতি এই ঘটনাই কোকৰাঝাৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷