NORTHEAST NOW (Assamese)

শিৱসাগৰত মছজিদৰ পিছত এইবাৰ দৰগাহত চোৰৰ লুটপাত

November 18, 2019 12:44 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 18, 2019 4:22 pm

মছজিদ, দৰগাহত সংঘটিত দৈনিক চুৰি কাৰ্যত অসহায় হৈ পৰিছে শিৱসাগৰ আৰক্ষী। শনিবাৰে ৰাতি নামতিৰ তিনিটা মছজিদত চোৰে লুটপাত চলোৱাৰ পিছত পুনৰ দেওবাৰে ৰাতি শিৱসাগৰৰ পানবেচাৰ হজৰত খোন্দকাৰ পীৰ দৰগাহত চোৰে উপদ্ৰৱ চলায়।

দৰগাহটোৰ ভিতৰত থকা দুটা দানপাত্ৰ ভাঙি চোৰে লুটি নিয়ে সমুদায় ধন। দুদিন পূৰ্বে দৰগাহ পৰিচালনা সমিতিয়ে দৰগাহৰ দানপাত্ৰ খুলি জমা ধন উলিয়াইছিল।

উল্লেখযোগ্য যে শনিবাৰে ৰাতি নামতিত তিনিটা মছজিদৰ ভিতৰত সোমাই দানপাত্ৰ ভাঙি কেইবা লক্ষাধিক টকা লুটি নিছিল। বৰ মছজিদৰ চি চি টি ভি কেমেৰাত চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল যদিও বৰ্তমানলৈকে আৰক্ষীয়ে চোৰক চিনাক্ত কৰিব পৰা নাই।

আনহাতে ইয়াৰ পূৰ্বেও শৰাগুৰি চাপৰিৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত বহুকেইবাৰ চুৰিকাৰ্য সংঘটিত হৈছিল। জিলা প্ৰশাসন তথা আৰক্ষীয়ে আজানপীৰত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিছিল যদিও নিৰাপত্তাৰক্ষী থকা অৱস্থাতে সংঘটিত হোৱা চুৰি কাৰ্যই শিৱসাগৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাক প্ৰমাণ কৰে।

Related News