কেৱল বেপাৰ নহয়, দেশৰ মানুহৰ দুখ-দুৰ্দশাৰ কথাও ভাৱক : কেন্দ্ৰক ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ

SupremeCourtofIndia-1

কেৱল ব্যৱসায়িক লাভত নহয়, দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ ওপৰতো চকু দিয়ক। স্থগিত ঋণৰ সুদৰ ওপৰৰ সুদ আদায় কৰাৰ সংক্ৰান্তীয় এক গোচৰত কেন্দ্ৰ চৰকাৰক এইদৰে ধমক দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ক’ৰ’ণা প্ৰতিৰোধৰ বাবে দেশত বলৱৎ কৰা লকডাউনৰ ফলত কেন্দ্ৰ চৰকাৰে জনগণক সকাহ দিয়াৰ উদ্দেশ্যে ঋণ পৰিশোধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু ২৭ মাৰ্চত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শাক্তিকাম দাসে চৰকাৰীভাৱে এই ঘোষণা কৰে।

কিন্তু এই ঘোষণাৰ কিছুদিন পিছতে অৰ্থাৎ লকডাউনৰ মাজতে কিছুমান ৰাষ্ট্ৰায়ত্ত আৰু বেচৰকাৰী বেংকে স্থগিত EMIৰ সুদৰ ওপৰত সুদ সংগ্ৰহ কৰা পৰলিক্ষিত হয়।

ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ভুক্তভোগী। কিন্তু বেংকসমূহে সুদবিহীনভাৱে ঋণ স্থগিত কৰিলে লোকচানৰ জোৰা মাৰিব নোৱাৰিব বুলি দাবী কৰে।

ইফালে আৰ বি আই-ও জনায় যে সুদ প্ৰত্যাহাৰ কৰিলে ২ লাখ কোটি টকাৰ ক্ষতি হ’ব বেংকসমূহৰ। আনহাতে কেন্দ্ৰ চৰকাৰেও এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰা নাই।

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক এই বিষয়ত অহা ১ ছেপ্তেম্বৰৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দিছে।

এই সম্পৰ্কীয় এটা গোচৰৰ শুনানিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণৰ খণ্ড বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক উদ্দ্যেশি কয়, “দেশৰ মানুহৰ এই দুৰ্ভোগৰ সময়ত আপোনালোকে ব্যৱসায়িক লাভত চকু দিয়া বন্ধ কৰক।”

কেন্দ্ৰক দোষাৰূপ কৰি খণ্ড বিচাৰপীঠখনে আৰু কয়, “ধাৰণা হৈছে কেন্দ্ৰই ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তৰ আঁৰত নিজকে লুকুৱাই ৰখাৰ চেষ্টা কৰিছে। বিপৰ্যয় মোকাবিলা কৰিবলৈ কেন্দ্ৰ হাতত বহু আইনী ক্ষমতা আছে। কেন্দ্ৰই ইচ্ছা কৰিলে বেংকসমূহক EMI পিছুৱাই দিয়াৰ বাবে অতিৰিক্ত চাৰ্জ আৰু সুদৰ ওপৰত সুদ লোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিব পাৰে।”

উল্লেখ্য যে, অহা এটা সপ্তাহৰ ভিতৰত সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক নিজৰ স্থিতি স্পষ্ট কৰি শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে।