বছৰৰ তৃতীয়টো মহাজগতিক পৰিঘটনা : ৫ জুলাইত চন্দ্ৰগ্ৰহণ, দৃশ্যমান নহ’ব ভাৰতৰ পৰা

GivTpzWrEbJVbd2NkrPnYD-650-80

ফ'টো- ডেভিড পালেইন' (Image: © David Paleino)

২০২০ বৰ্ষৰ তৃতীয়টো মহাজাগতিক পৰিঘটনা প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে বিশ্বৰ বিভিন্ন দেশৰ ঔৎসুক জনতা।

৫জুলাইৰ দিনা ইউৰোপ তথা আমেৰিকাৰ বিভিন্ন অঞ্চলৰ পৰা দেখিবলৈ পোৱা যাব চন্দ্ৰগ্ৰহণৰ মনোৰম দৃশ্য।

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ৫ জুলাইৰ দিনা উত্তৰ আৰু দক্ষিণ ইউৰোপ, আফ্ৰিকাৰ প্ৰায়ভাগ অঞ্চল, দক্ষিণ আমেৰিকা, এন্টাৰ্কটিকা, আটলান্টিক মহাসাগৰীয় অঞ্চল, ভাৰত মহাসাগৰীয় অঞ্চল আদি স্থানৰ পৰা চন্দ্ৰগ্ৰহণৰ নয়নাভিৰাম দৃশ্য দেখিবলৈ পাব।

আন্তৰ্জাতিক মান সময় অনুসৰি নিশা ৮-৩৭ বজাত উক্ত অঞ্চল সমূহৰ পৰা এই গ্ৰহণৰ দৃশ্য দেখা যাব।

চন্দ্ৰগ্ৰহণ তুংগত উঠাৰ সময় হ’ব নিশা ৯-৫৯ বজা। আকাশ ফৰকাল থাকিলে চন্দ্ৰগ্ৰহণৰ সমগ্ৰ দৃশ্য সুন্দৰ ভাৱে উপভোগ কৰিব পৰা যাব বুলি নাছাৰ সূত্ৰই জানিবলৈ দিছে।

উক্ত দিনা চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব নিশা ১১-২২-২১ বজাত। চন্দ্ৰগ্ৰহণৰ দিনা পৃথিৱীয়ে সূৰ্য আৰু চন্দ্ৰৰ মাজত অৱস্থান গ্ৰহণ কৰে। সেইবাবে পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে আৰু চন্দ্ৰগ্ৰহণৰ সৃষ্টি হয়।

উল্লেখ্য ২০২০ বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ দেখা গৈছিল ১০ জানুৱাৰীৰ দিনা। ইয়াৰ পৰৱতী সময়ত দ্বিতীয়টো চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা গৈছিল ৫ জুনত।

৫ জুলাইৰ চন্দ্ৰগ্ৰহণ অৱশ্যে ভাৰতৰ পৰা দেখিবলৈ পোৱা নাযাব। ওপৰত উল্লেখ কৰা স্থান সমূহৰ পৰাহে ৫ জুলাইৰ চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।