আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ

AGP-BJP-flags

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

আজি ৰা্জ্যত অনুষ্ঠিত হ’ব অসমৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে ৰাতিপুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আজি ভোটগ্ৰহণ হ’বলগীয়া সমষ্টি কেইটা হ’ল ক্ৰমে ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টি।

অসমৰ চাৰিটা সমষ্টিত মুঠ ৭৪,৭৭,০৬২ জন ভোটাৰে ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ৭৪,৭৭,০৬২ গৰাকী ভোটাৰৰ ভিতৰত ৩৮,১৫,৩৩৫ জন পুৰুষ ভোটাৰ আৰু ৩৬,৬১৫৭০ গৰাকী মহিলা ভোটাৰ। মুঠ ৯৫৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সোমবাৰেই নিৰ্বাচনী বিষয়া সকল ভোটগ্ৰহণ কেন্দ্ৰ সমূহত উপস্থিত হৈছে।

উল্লেখযো্গ্য যে, ২০১৯ লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত ১৭ গৰাকী প্ৰাৰ্থী, ধুবুৰীত ১৫ গৰাকী প্ৰাৰ্থী, বৰপেটাত ১৩ গৰাকী আৰু কোকৰাঝাৰ সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

তৃতীয় পৰ্য্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হাইপ্ৰফাইল প্ৰাৰ্থীসকল হ’ল ক্ৰমে বদৰুদ্দিন আজমল, কুমাৰ দীপক দাস, হীৰা শৰণীয়া, প্ৰমিলা ৰাণী ব্ৰহ্ম, আব্দুল খালেক, কুইন ওজা, ববিতা শৰ্মা ইত্যাদি।