NORTHEAST NOW (Assamese)

শিলচৰ ৰে’ল ষ্টেশ্যনত তিৰুৱনন্তপুৰম এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

June 9, 2019 11:30 am ·
Updated: June 9, 2019 11:32 am

আজি পুৱা হঠাতে শিলচৰ ৰে’ল ষ্টেশ্যনত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ষ্টেশ্যনটোত ৰৈ থকা শিলচৰ-তিৰুৱনন্তপুৰম এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ষ্টেশ্যনটোত হুৱাদুৱা লাগে।

ঘটনাৰ বিৱৰণি মতে ষ্টেশ্যনটোৰ ৩ নম্বৰ প্লেটফৰ্মত ৰৈ থকা শিলচৰ-তিৰুৱনন্তপুৰম এক্সপ্ৰেছ ৰে’লখনৰ তিনিটাক ডবাত সংঘটিত হয় এই অগ্নিকাণ্ড। পেণ্ট্ৰিকাৰৰ ডবাটোৰ লগতে কাষতে থকা দুটা ডবাটো জুই লাগে।

ফলত সম্পূৰ্ণৰূপে তিনটা ডবা ভস্মীভূত হৈ পৰে। অৱশ্যে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনৰ ডবাকেইটাত কোনো যাত্ৰী নাছিল বাবে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে ঘটনাৰ সন্দৰ্ভত অৱগত হৈ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰাৰৰ চেষ্টা চলায়।

ডবাকেইটাত কি দিৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল এই কথা বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। ইফালে অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সামগ্ৰী নষ্ট হোৱা বুলি জানিব পৰা গৈছে।

Related News