NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ সৈতে জনপ্ৰিয় গীতৰ জন্মদিয়া এইগৰাকী শিল্পীয়ে ল’কডাউনত পদপথত ব্ৰইলাৰ বিক্ৰী কৰি পোহপাল দিছে পৰিয়াল

May 29, 2020 10:15 pm · দীপজ্যোতি শৰ্মা
Updated: May 29, 2020 10:16 pm
মাজুলী সোণোৱাল

ল’কডাউনে বহুলোকৰ জীৱন-জীৱিকালৈ ভাবুকি কঢ়িয়াই আনিছে। ল’কডাউনৰ ফলত অসমৰ এগৰাকী শিল্পীয়েও তেওঁৰ জীৱিকাৰ পথ সলনি কৰিবলৈ বাধ্য হ’ল।

ল’কডাউনে তীব্ৰ সংকটৰ মাজলৈ ঠেলি দিয়া যুৱকজন হৈছে মাজুলীৰ প্ৰতিভাৱান যুৱক মাজুলী সোণোৱাল।

মাজুলী সোণোৱাল গুৱাহাটী মহানগৰীৰ নবীন নগৰৰ বাসিন্দা।

সৃষ্টিশীল মনৰ অধিকাৰী মাজুলী সোণোৱালৰ কলমেৰে নিৰ্গত হৈছিল বহু জনপ্ৰিয় গান।

মাজুলীয়ে বহুকেইটা সুমধুৰ গীত সুৰ কৰাৰ লগতে বহুকেইখন সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিছিল।

জুবিন গাৰ্গ, কৃষ্ণমনি চুতীয়াকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীও সুৰ দিছিল তেওঁৰ শব্দত। জনপ্ৰিয় ভিচিডি জোনবাইৰ জুবিন গাৰ্গৰ কণ্ঠত নিগৰিত ‘কাচাৰৰ ধুনীয়া হাফলং চহৰখন’ গীতটোৰ কথা আৰু সুৰ কৰিছিল এইজন শিল্পীয়ে।

ল’কডাউনৰ বাবে মাজুলী সোণোৱালৰ জীৱনলৈ নামি আহিল এজাক ধুমুহা। পেটৰ তাড়নাত তেওঁ নিজৰ কৰ্ম পন্থা সলনি কৰিবলৈ বাধ্য হ’ল।

ল’কডাউনৰ ফলত এইজন শিল্পীয়ে এতিয়া নবীন নগৰৰ পদপথতে নিজৰ গীত গায় গায় গ্ৰাহকক ব্ৰইলাৰ মুৰ্গিৰ মাংস কাটি যোগান ধৰিছে।

ল’কডাউনৰ বাবে চিনেমাৰ শ্বুটিংৰ লগতে বিহুৰ সাংস্কৃতিক অনুষ্ঠান সমূহ বন্ধ হৈ পৰাত অৰ্থিক ভাবে জুৰুলা হৈ পৰা মাজুলীয়ে ব্ৰয়লাৰ বিক্ৰী কৰিয়ে পোহপাল দিছে পত্নী,পুত্ৰৰ সৈতে নিজৰ আপোন ঘৰখন।

‘‘যুৱ প্ৰজন্মই লাজ নকৰি নিজৰ কৰ্মৰে পৰিচয় দিয়া উচিত। ৰাজপথত আন্দোলন কৰাতকৈ সকলোৱে এনেদৰে কৰ্মত মনোনিবেশ কৰি অসমীয়া বুলি পৰিচয় দিয়ক,’’ সকলো অসমীয়া যুৱকক এইদৰে আহ্বান জনায় মাজুলী সণোৱালে।

‘যতৰ’ নামৰ এটি এলবামেৰে ২০০৬ চনত সাংস্কৃতিক জগতত খোজ দিছিল এইগৰাকী শিল্পীয়ে। বৰ্তমানলৈ ডেৰ শতাধিকতকৈও অধিক গীতৰ সৃষ্টিৰ সৈতে জড়িত হৈ আছে মাজুলী। মাজুলীয়ে ঢোল বাদক হিচাপেও অংশ লৈছিল বিহুৰ অনুষ্ঠান সমূহত।

ব্ৰয়লাৰ বিক্ৰী কৰাৰ উপৰিও মাজুলীয়ে আজৰি সময়ত নিজক ব্যস্ত কৰি ৰাখিছে সৃষ্টিশীল কামত। এই সংকটৰ সময়তো ৰচনা কৰিছে ‘কা’ আৰু ‘ক’ৰ’না’ক লৈ এটি গীত।

Related News