চাৰি বছৰৰ ভিতৰত ১৪০ কোটি টকাৰ ব্যৱসায়ৰ গৰাকী হ’ল ছাত্ৰাৱস্থাত বাতৰি বিক্ৰী ফুৰা এইগৰাকী যুৱক

Richard

ৰিছাৰ্ড

আশীৰ দশকত এগৰাকী স্কুলীয়া ছাত্ৰই বাংগালুৰুত ঘৰে ঘৰে বাতৰি কাকত বিলাই ফুৰিছিল।

বাতৰি কাকত বিক্ৰী কৰি তেওঁ মাহত ১২০ টকা লাভ কৰিছিল।

ল’ৰাজনৰ নাম হ’ল ক্ৰিষ্টোফাৰ ৰিছাৰ্ড। সৰুতে ৰিছাৰ্ডৰ পিতৃৰ মৃত্যু হৈছিল আৰু তেওঁৰ মাকে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কাম কৰিছিল। মাকে মাহে ১৫০০ টকাকৈ দৰমহা পাইছিল।

স্কুলৰ পঢ়া খৰচ উলিওৱাৰ বাবে ৰিছাৰ্ডে বাতৰি কাকত বিলোৱাৰ কাম কৰিছিল।

পৰিয়ালটোৰ বাবে টকা উপাৰ্জন সদাই এটা প্ৰধান সমস্যা হিচাপে দেখা দিছিল আৰু শিশু কালতে ৰিছাৰ্ডে বহু জটিলতাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

দশম শ্ৰেণীত থকাৰ সময়ত ৰিছাৰ্ডে খৰচৰ বাবে দুটাকৈ কাম কৰিছিল। ৰাতিপুৱা বাতৰি কাকত বিলাইছিল আৰু সন্ধিয়া বৰফৰ দোকানত আছিল।

‘‘এই দুটা কামৰ দ্বাৰা মই যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছিলো আৰু বিভিন্ন মানুহৰ লগত কথা পাতিবলৈ সুযোগ লাভ কৰিছিলো,’’ ৰিছাৰ্ডে কয়।

পৰৱৰ্তী সময়ত তেওঁ এটা গহনালয়ত চিকিউৰিটি গাৰ্ড হিচাপেও কাম কৰিছিল।

ৰিছাৰ্ডে এবাৰ স্থানীয় কৌশল বিকাশৰ আঁচনিৰ অধীনত এটা তিনিমহীয়া কম্পিউটাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু ইয়ে তেওঁৰ জীৱন সলনি কৰি দিলে।

‘‘সেই সময়ত কম্পিউটাৰ প্ৰায় নাই বুলিবই পাৰি। কিন্তু মই সুযোগ গ্ৰহণ কৰি কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিছিলো। মই ৱেব ডেভেলপমেণ্ট, ফটোশ্বপ আদিৰ বিষয়ে শিকিলো,’’ ৰিছাৰ্ডে লগতে কয়।

কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে তেওঁ জেদ কেৰিয়াৰ একাডেমিত চাকৰি লাভ কৰে যি দেশৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ একাডেমি খোলাৰ কাম কৰিছিল সেই সময়ত।

একাডেমিখনত কাম কৰি থকাৰ সময়তে ৰিছাৰ্ডে চি, চি++ আদিৰ বিষয়ে শিকে আৰু পৰৱৰ্তী সময়ত নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে।

সেই সময়ত আই বি এম, উইপৰো আদি প্ৰতিষ্ঠানত কম্পিউটাৰ জনা যুৱকৰ আবশ্যক হৈছিল আৰু ৰিছাৰ্ডে সেইবোৰ প্ৰতিষ্ঠানত নিজাববীয়াকৈ কাম কৰি দৈনিক ৭৫,০০০ টকা পৰ্যন্ত আয় কৰিবলৈ সক্ষম হ’ল।

ৰিছাৰ্ডে মাইক্ৰ’ছফ্টৰ সহযোগত নিজাকৈ ব্যৱসায় আৰম্ভ কৰে আৰু জি 7  চি R নামৰ ক্লাউদ কম্পিউটিংৰ প্ৰতিষ্ঠান স্থাপন কৰে যি পৰৱৰ্তী সময়ত মাইক্ৰ’ছফ্টৰ অন্যতম সহযোগী হিচাপে পৰিগণিত হয়।

এনেদৰেই মাত্ৰ চাৰি বছৰৰ ভিতৰত বাতৰি বিক্ৰী কৰি ঘুৰি ফুৰা ল’ৰাজন ১৪০ কোটি টকাৰ ব্যৱসায়ৰ মালিক হৈ পৰে।