NORTHEAST NOW (Assamese)

উপস্থিত বুদ্ধি! জৰিমনাৰ ভয়ত পত্নীৰ অন্তৰ্বাসকে মাস্ক হিচাপে পৰিধান কৰিলে এইগৰাকী ব্যক্তিয়ে

July 27, 2020 4:42 pm · এন ই নাও নিউজ

সমগ্ৰ দেশতে কৰনাৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ সময়তে কৰনা প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশত কঠোৰ হৈ পৰিছে আৰক্ষীপ্ৰশাসন।

এনে সময়ত সংক্ৰমণ ৰোধৰ বাবে বাহিৰলৈ ওলোৱা প্ৰতিগৰাকীয়ে ব্যক্তিয়ে মাস্ক বা আন কাপোৰেৰে নাকমুখ ঢাকি ওলোৱাৰ নিৰ্দেশ দিয়া হৈছে।

মাস্ক বা মুখবন্ধনী নোহোৱাকৈ বাহিৰত বিচৰণ কৰা লোকক ব্যাপক হাৰত জৰিমনাও বিহা হৈছে।

ইয়াৰ মাজতে পোহৰলৈ আহিছে এক আমোদজনক ঘটনা।

মাস্ক পৰিধান নকৰি ওলাই অহা এগৰাকী ব্যক্তিয়ে আৰক্ষীৰ জৰিমনাৰ পৰা হাত সাৰিবলৈ পত্নীৰ অন্তৰ্বাসকে মুখত বান্ধি লে।

শুনিবলৈ আচৰিত যেন লাগিলেও মধ্য প্ৰদেশৰ দামোহৰ এই ঘটনা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ব্যক্তিগৰাকীয়ে ঘৰৰ পৰা মাস্ক পৰিধান কৰি ওলাবলৈ পাহৰি থাকিল। কিন্তু ৰাস্তাত আৰক্ষীৰ চেকিং দেখি হুচ আহিল লোকজনৰ।

আৰক্ষীয়ে তাত মাস্ক নিপিন্ধা লোকসকলক জৰিমনা বিহিছে।

তেতিয়া সেই ব্যক্তিজনে লগে লগে তেওঁৰ লগত থকা পত্নীৰ অন্তৰ্বাসটো মেৰিয়াই মুখত মাস্ক হিচাপে পিন্ধি লে।

স্বাভাৱিকভাৱেই ব্যক্তিজনে জৰিমনাৰ পৰা ৰক্ষা পৰিল।

পিচে, ব্যক্তিজনলৈ চাই এগৰাকী আৰক্ষীৰ সন্দেহ জন্মে। তেওঁ ব্যক্তিজনক মাতি আনি এনেকৈ অন্তৰ্বাস পিন্ধাৰ কাৰণ জানিব বিচাৰে আৰু তেতিয়াই প্ৰকৃত সত্যটো ওলাই পৰে।

আৰক্ষীয়েও ব্যক্তিজনৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা নকৰি নোৱাৰিলে। তেওঁলোকে লোকজনক জৰিমনা নোলোৱাকৈয়ে যাবলৈও দিয়ে।

কিন্তু ইয়াৰ মাজতে এগৰাকী আৰক্ষীৰ লোকে লোকজনৰ এটা ভিডিঅতুলি ৰাখে। সেই ভিডিঅটোৱে এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।      

Related News