এই কামটো অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰীয়ে প্ৰথমে কৰক,কি কাম প্ৰথমে কৰিবলৈ ক’লে আদালতে?

jyo

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত অসমাৰিক বিমান পৰিবহন দপ্তৰৰ নতুন মন্ত্ৰী হিচাবে দায়িত্ব দিয়া হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াক।

অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰীগৰাকীক আজি বোম্বে উচ্চ ন্যায়ালয়ে এক বিশেষ পৰামৰ্শ দিয়ে।

বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ জিএছ কুলকানীয়ে এখন ৰাজপুৱা স্বাৰ্থজৰিত আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে দেশৰ বিমান বন্দৰ সমূহৰ নামকৰণ অথবা পুনৰ নামকৰণৰ ক্ষেত্ৰত একেধৰণৰ নীতি মানি চলিব লাগে আৰু এই কামটো মন্ত্ৰীগৰাকীয়ে তেওঁৰ কৰণীয় প্ৰথম কাম হিচাবে গ্ৰহণ কৰিব লাগে।

এই ক্ষেত্ৰত যদি কোনো আঁচনি খচৰাৰ ৰূপতে আছে তেন্তে এই ক্ষেত্ৰত প্ৰথমে গুৰুত্ব দি বিমান বন্দৰৰ নামকৰণ আৰু পুনৰ নামকৰণৰ কামটো আগতে কৰিব লাগে।খচৰা আঁচনিৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গৰহণ কৰা হৈছে সেই বিষয়ত জনাবলৈয়ো আদালতে নিৰ্দেশ দিয়ে।

লগতে কোভিড পৰিস্থিতিৰ মাজতে বিমানবন্দৰৰ নামকৰণৰ দাবীত ২৫০০০ লোকে প্ৰতিবাদ কৰিবলৈ কিদৰে ওলাই আহিব পাৰিছিল বুলিও আদালতে মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশ্ন কৰে।

উল্লেখ্য যোৱা মাহত মহাৰাষ্ট্ৰৰ মাছমৰীয়াসম্প্ৰদায়ৰ লোক আৰু কৃষক একাংশই নৱী মুম্বাই বিমান বন্দৰৰ নাম প্ৰয়াত সাংসদ তথা সমাজকৰ্মী ডিবি পাটিলৰ নামেৰে ৰখৰ দাবী ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহম কৰিছিল।