NORTHEAST NOW (Assamese)

ভাৰতৰ এইটো ষ্টেশ্যনলৈ যাবলৈ লাগে পাকিস্তানৰ ভিছা। কিয় জানেনে?

October 21, 2023 10:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 20, 2023 8:12 pm

ভাৰতীয় ৰেলৱে হৈছে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেলৱে নেটৱৰ্ক। ভাৰতীয় ৰেলৱেৰ নেটৱৰ্কে ১ লাখ ১৫ হাজাৰ কিলোমিটাৰ এলেকা সামৰি লৈছে। 

দেশৰ ৭,৩৪৯টা ষ্টেশ্যনৰ পৰা দৈনিক ১৩,১৬৯খন যাত্ৰীবাহী ৰে’ল আৰু ৮,৪৭৯খন মালবাহী ৰে’ল চলাচল কৰে।

ভাৰতীয় ৰেলৱে দেশৰ প্ৰায় ৩ কোটি জনসাধাৰণৰ দৈনিক সংগী। কিন্তু ভাৰতত এটা ষ্টেচন আছে য’ত যাবলৈ পাকিস্তানৰ ভিছা লাগে। 

শুনিবলৈ আচৰিত যেন লাগে যদিও সঁচা। ভাৰতত অৱস্থিত এই ষ্টেচনলৈ যাবলৈ পাছপ’ৰ্ট আৰু পাকিস্তান ভিছাৰ প্ৰয়োজন। দেশৰ ক’ত কোনটো ষ্টেচন আছে জানো আহক।

আটৰী শ্যাম সিং ৰেল ষ্টেচন পঞ্জাৱৰ অমৃতসৰত অৱস্থিত। এসময়ত এই ৰেল ষ্টেচনৰ মাজেৰেই সমঝোটা এক্সপ্ৰেছ চলিছিল।

যদিও এই ষ্টেচন ভাৰতত অৱস্থিত, প্ৰৱেশৰ বাবে পাছপ’ৰ্ট আৰু পাকিস্তান ভিছাৰ প্ৰয়োজন।
ষ্টেচনৰ এফালে অমৃতসৰ আৰু আনফালে লাহোৰ। এইটো এটা সৰু ষ্টেশ্যন কিন্তু অনুমতি অবিহনে প্ৰৱেশ কৰিলে জেল হ’ব পাৰে।

২০১৯ চনৰ ৮ আগষ্টত আট্টাৰী ৰেলৱে ষ্টেচন বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰাই এই লাইনত সমঝোটা এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ গ’ল।

Related News