NORTHEAST NOW (Assamese)

চ’চিয়েল মিডিয়াত আৰু নাথাকিব পাৰে প্ৰধান মন্ত্ৰী মোদী, দেশজুৰি আলোড়ন

March 2, 2020 10:38 pm · এন ই নাও নিউজ
Updated: March 2, 2020 10:42 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সন্ধিয়া কৰা এটা টুইটত তেওঁ চ’চিয়েল মিডিয়া ত্যাগ কৰাৰ এক ইচ্ছা প্ৰকাশ কৰিছে।

“এই দেওবাৰে মই ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউবত থকা মোৰ চ’চিয়েল মিডিয়া একাউণ্ট্সমূহ ত্যাগ কৰাৰ কথা ভাবিছো। আপোনালোক সকলোকে প’ষ্ট কৰি থাকিম,” তেওঁৰ বিভাগীয় হেণ্ডলৰ পৰা প্ৰধান মন্ত্ৰীৰ টুইট।

প্ৰধান মন্ত্ৰী মোদী বা তেওঁৰ কাৰ্য্যালয়ে এই সন্দৰ্ভত অধিক তথ্য প্ৰকাশ কৰা নাই।

কিন্তু চ’চিয়েল মিডিয়াত বিশ্বৰ ভিতৰতে অন্যতম সক্ৰিয় ৰাজনীতিকজনৰ এই ইংগিতে এঘণ্টাৰ ভিতৰতে ভাৰতত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে।

প্ৰধান মন্ত্ৰীৰ চ’চিয়েল মিডিয়া ত্যাগৰ ইংগিতৰ পিছতে ভাৰতত টুইটাৰত এই সন্দৰ্ভত বহুকেইটা ট্ৰেণ্ড সৃষ্টি হৈছে।

ৰাজনীতিকজনৰ অনুৰাগীসকলৰ অনুৰোধে মুহূৰ্তৰ #NoSir ট্ৰেণ্ডিঙলৈ আনিছে।

বাতৰি লিখাৰ সময়ত #Modi Ji, #Instagram & #Narendra Modi, #PM Modi আদি দেশৰ টুইটাৰ ট্ৰেণ্ডৰ অধিকাংশই প্ৰধান মন্ত্ৰীজনৰ ঘোষণাকেন্দ্ৰিক।

 

View this post on Instagram

 

Will keep you all posted.

A post shared by Narendra Modi (@narendramodi) on


প্ৰধান মন্ত্ৰী মোদী চ’চিয়েল মিডিয়াত বিশ্বৰ ভিতৰতে আটাইতকৈ সক্ৰিয় আৰু জনপ্ৰিয় এক ৰাজনীতিক। টুইটাৰত তেওঁৰ ফল’ৱাৰ প্ৰায় ৫৩.৩ মিলিয়ন।

ফে’চবুকত মোদী বিশ্বৰ সৰ্বাধিক ফল’ হোৱা নেতা। তেওঁৰ বিভাগীয় পে’জটো ৪৪ মিলিয়নতকৈয়ো অধিক লাইক আছে। এই সংখ্যা ইউ এছ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈয়ো অধিক।

আন এটা প্লেটফৰ্ম ইনষ্টাগ্ৰামত মোদীৰ ফল’ৱাৰ ৩৫ মিলিয়নতকৈয়ো অধিক।

প্ৰধান মন্ত্ৰীগৰাকীয়ে হঠাতে চ’চিয়েল মিডিয়া এৰাৰ ইচ্ছা প্ৰকাশ কৰাটোৱে অনুৰাগীসকলৰ লগতে আন লোকৰ মাজতো ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে।

Related News