NORTHEAST NOW (Assamese)

এইবাৰ আমেৰিকাই প্ৰশিক্ষণ দিব ইউক্ৰেইনীয়ান সেনাক

January 12, 2023 12:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 12, 2023 12:41 pm
Created with GIMP

যুদ্ধত ক্ৰমশঃ বিধ্বস্ত হৈ অহাৰ পৰাই ৰাছিয়াক প্ৰতিহত কৰিবেৰ বাবে ইউক্ৰেইনে আমেৰিকাৰ পৰা বিচাৰি আছিল শক্তিশালী ক্ষেপণাস্ত্ৰ পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেম।

ইউক্ৰেইনৰ এই দীৰ্ঘদিনীয়া অনুৰোধ ৰক্ষা কৰি ২০২২ চনৰ শেষৰ ফালে আমেৰিকাই ইউক্ৰইনক এই অত্যাধুনিক পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেম প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সেয়েহে অহা কিছুদিনৰ পিছত আমেৰিকাই ইউক্ৰেইনৰ সৈন্যক অত্যাধুনিক পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেম কেনেকৈ ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিব।

অহা সপ্তাহত ওকলাহোমা ৰাজ্যৰ এটা ঘাটিত অনুষ্ঠিত হ’ব এই প্ৰশিক্ষণ। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ, পেন্টাগনে যোৱা মঙলবাৰে এই প্ৰশিক্ষণৰ কথা ঘোষণা কৰে।

পেন্টাগনৰ প্ৰেছ সচিব ব্ৰিগেডিয়াৰ জেনেৰেল পেট ৰাইডাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে ৯০ৰ পৰা ১০০ ইউক্ৰেইনৰ সৈন্যই প্ৰতিৰক্ষা ব্যৱস্থাটো চলাই নিবলৈ, পৰিচালনা কৰিবলৈ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ সাজু হ’ব। উল্লেখ্য যে প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সময়সীমা কেইবামাহো হ’ব পাৰে।

বিশ্বাস কৰা হৈছে যে পেট্ৰিয়াট ব্যৱস্থাই ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ক্ষমতাক অধিক শক্তিশালী কৰি তুলিব। এই ব্যৱস্থাই ইউক্ৰেইনৰ জনসাধাৰণক ৰাছিয়াৰ বিমান আক্ৰমণৰ পৰা ৰক্ষা কৰিব।

চলি থকা যুদ্ধত ৰাছিয়াৰ আক্ৰমণক ৰোধ কৰিবলৈ কিয়েভৰ বাবে বায়ু প্ৰতিৰক্ষা অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে আমেৰিকাৰ কোম্পানী ৰেথিয়নে নিৰ্মাণ কৰা এম আই এম-১০৪ পেট্ৰিয়াট হৈছে ভূপৃষ্ঠৰ পৰা বায়ুলৈ প্ৰেৰণ কৰিব পৰা এক অত্যাধুনিক আৰু শক্তিশালী ক্ষেপণাস্ত্ৰ ব্যৱস্থা।

Related News