খেতিত ধৰি বহুজনৰ বাবে আদৰ্শৰ বাট দেখুৱাইছে এইগৰাকী অসমীয়া যুৱকে

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰু গাঁৱৰ বিজিত কৰ্মকাৰ নাম এজন শিক্ষিত নিবনুৱা যুৱক কৃষিকাৰ্য্যৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনৰ বাবেও আদৰ্শস্বৰূপ হৈ পৰিছে।

যিটো সময়ত কৰ্ম সংস্থাপন বিচাৰি অসমৰ বহু যুৱক বহিঃ ৰাজ্যলৈ ঢপলিয়াব মেলিছে তেনে সময়তে বিজিতে নিজৰ পৈতৃক সম্পত্তিৰ উত্তৰাধীকাৰ হিচাপে পোৱা মাটি কেইডৰাত শাক-পাচলিৰ খেতি কৰাৰ মন বান্ধে।

কোনোধৰণৰ চৰকাৰী সহায় সহযোগৰ অবিহনে নিজা প্ৰচেষ্টাৰে ধান খেতি কৰাৰ পাছত প্ৰায় ৫০ বিঘা মাটিত শাক-পাচলিৰ খেতি কৰি আৰ্থিক স্বাৱলম্বিতাৰ মুখ দেখিবলৈ সক্ষম হোৱা যুৱকজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তেওঁ বন্ধাকবি, ফুলকবি, বিলাহী, আলু, বেঙেনা, লাই শাক, ধনীয়াৰ খেতি কৰি এটা কৃষি-বৰ্ষত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

চাহ বাগানৰ আদিবাসী সম্প্ৰদায়ৰ যুৱক বিজিতে কৃষি কৰ্মৰ যোগেদি আত্মনিৰ্ভৰশীল হোৱা কাৰ্য্যক প্ৰশংসা কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ নেতা বিতুল কুৰ্মীয়ে।

যুৱকজনে উঠি অহা যুৱ প্ৰজন্মক সময়ৰ অপব্যৱহাৰ নকৰি চাকৰিলৈ বাট নাচায় কৃষি কৰ্মত অগ্ৰাধীকাৰ দিবলৈ আহ্বান জনায়। চৰকাৰে কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থাকে ধৰি কৃষকসকলক প্ৰয়োজনীয় সা সুবিধা আগবঢ়ালে বিজিতৰ দৰে হয়টো বহু নিবনুৱা যুৱক কৃষিৰ যোগেদি স্বনিৰ্ভৰশীল হ’ব পাৰিব।