ভিক্ষাৰীক কোনো ধৰণে টকাৰে সহায় কৰিব নোৱাৰিব। ভুলতে এই কাম কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পোনপটীয়াকৈ এফআইআৰ দাখিল কৰা হ’ব। নতুন বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম।
এই বিষয়ে আকৌ আহিল কেনেকৈ? উল্লেখ্য যে, ভোপালৰ ইন্দোৰ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ। ভোপাল প্ৰশাসনে নতুন বছৰৰ প্ৰথম দিনাৰ পৰাই ৰাজপথ ভিক্ষাৰীমুক্ত কৰাৰ সিদ্ধান্ত লৈছে।
ভোপাল জিলা উপায়ুক্ত আশীষ সিঙে কয়, ইতিমধ্যে ইন্দোৰ চহৰত ভিক্ষা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ডিচেম্বৰৰ অন্তিম দিনটোলৈকে প্ৰশাসনে ৰাইজৰ সজাগতা বৃদ্ধিৰ বাবে এই অভিযান চলাব।
তেওঁ স্পষ্টকৈ কয় যে নতুন বছৰৰ প্ৰথম তাৰিখৰ পৰা যদি কোনোবাই ভিক্ষা খুজি থকা দেখা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হ’ব। ইন্দোৰৰ ৰাইজক ভিক্ষাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
ইন্দোৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি অভিযানৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় চৰ্চালৈ আহিছে। প্রতিবেদন প্রস্তুত কৰাৰ সময়ত দেখা যায় যে বহু ভিক্ষাৰীৰ ইটাৰ ঘৰ আছে৷ বহুজনে বেংকতো কাম কৰে। তদুপৰি এজন ভিক্ষাৰীৰ পৰা ২৯ হাজাৰৰো অধিক টকা লাভ কৰা বুলি খবৰ পোৱা গৈছে।
জানিব পৰা মতে, কেন্দ্রীয় চৰকাৰে দেশৰ ভিক্ষাৰীক পুনৰ সংস্থাপনৰ বাবে এক পাইলট প্রকল্প আৰম্ভ কৰিছে৷ যাৰ বাবেই ইন্দোৰৰ ৰাজপথৰ পৰা ভিক্ষাৰীক আঁতৰাই দিয়া হৈছে। খবৰ অনুসৰি এই প্ৰকল্পৰ অধীনত মুঠ ১০খন চহৰ আছে। তাৰ ভিতৰত দিল্লী, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই, ইন্দোৰ, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, পাটনা আৰু আহমেদাবাদৰ নাম আহিছে।
মধ্য প্ৰদেশৰ সমাজ কল্যাণ মন্ত্ৰী নাৰায়ণ সিং কুশৱাহাই কয় যে ইন্দোৰৰ এটা ব্যক্তিগত সংস্থাই এই কাৰ্যসূচীত চৰকাৰক সহায় কৰিছে। সংগঠনটোৱে ভিক্ষাৰীক ছমাহৰ বাবে আশ্ৰয় দি কাম বিচাৰিবলৈ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।