Home › দেশ ঘৃণামূলক ভাষণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত ২ হাজাৰ নাগৰিকৰ নিৰ্বাচন আয়োগলৈ পত্ৰ April 23, 2024 6:32 pm · এন ই নাও নিউজ, গুৱাহাটী সোমবাৰে (২২ এপ্ৰিল) দেশৰ হাজাৰ হাজাৰ নাগৰিকে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি ভাৰতীয় জনতা পাৰ্টিৰ তাৰকা প্ৰচাৰক তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ বিৰুদ্ধে কৰা ঘৃণনীয় মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰী মোদীক ‘বিপজ্জনক আৰু ভাৰতৰ মুছলমানসকলৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ’ বুলি অভিহিত কৰি ২২০০ৰো অধিক নাগৰিকে নিৰ্বাচন আয়োগক কৰা আবেদনত এইদৰে কয়- ‘এজন তাৰকা প্ৰচাৰক হিচাপে প্ৰচাৰ চলোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত দিয়া ভাষণে ভাৰতৰ সংবিধানক সন্মান কৰা লাখ লাখ নাগৰিকৰ আৱেগক আঘাত কৰিছে।’ নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰি নাগৰিক গোটটোৱে কয় যে ভোট বিচাৰি মোদীৰ ভাষাই বিশ্বৰ ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে ভাৰতৰ প্ৰতিচ্ছবিক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰে।পত্ৰখনত স্বাক্ষৰকাৰীসকলে কয় যে, ‘নিৰ্বাচন আয়োগে এনে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে ভাৰতৰ বিশ্বাসযোগ্যতা আৰু স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰিব৷’ ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (মাৰ্ক্সবাদী) মোদীৰ বনস্বৰা ভাষণৰ বাবে দিল্লী আৰক্ষী আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰে। ‹ মেট্ৰিকত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফল : স্থানপ্ৰাপ্তৰ… বিৰোধী-শূন্য গণতন্ত্ৰ › Related Newsষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবীJuly 10, 2026 8:05 pm · এন ই নাও নিউজ, গুৱাহাটীভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰJuly 10, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটীধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যুJuly 10, 2026 6:10 pm · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণJuly 10, 2026 5:29 pm · এন ই নাও নিউজ, গুৱাহাটীমৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাইJuly 10, 2026 4:56 pm · এন ই নাও নিউজ, গুৱাহাটী