ত্ৰিপুৰা আৰু অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ আজিও; অভূতপূৰ্ব পৰিস্থিতি গুৱাহাটীত

কোনেও আহ্বান নজনোৱাকৈয়ে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ

Guwahati-11-12-19

নাগৰিকত্ব বিধেয়কৰ বিৰধিতাত গুৱাহাটীৰ ৰাজপথত হাজাৰ হাজাৰ লোক। বুধবাৰৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

নিজৰ জাতি, ভাষা, কৃষ্টিৰ সংকটৰ সময়ত অসম আৰু ত্ৰিপুৰাত কোনেও আহ্বান নজনোৱাকৈয়ে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ।

১০ ডিচেম্বৰত নেছ’ই দিয়া বন্ধৰ সময়ত দুয়োখন ৰাজ্য সম্পূৰ্ণ স্তব্ধ হৈ পৰাৰ পিছত আজিও বিধেয়কখনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ।

অসমৰ উজনি অসমত, বিশেষভাৱে ডিব্ৰুগড় জিলাত এই আন্দোলন অধিক তীব্ৰতৰ হৈছে।

আন্দোলনকাৰীয়ে ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি বিজেপি নেতাৰ ঘৰ ঘেৰাও কৰিছে। ৰুদ্ৰমূৰ্তি ধৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী আৰু ৰবৰ বুলেট নিক্ষেপ কৰিব লগীয়া হৈছে। প্ৰতিবাদকাৰীৰ মাজৰ এগৰাকী যুৱতী নিৰাপত্তাৰক্ষীৰ হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে।

আনপিনে ত্ৰিপুৰাৰ পৰা শেহতীয়াকৈ অহা খবৰ অনুসৰি ত্ৰিপুৰাৰ বিভিন্ন ঠাইত আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে অপ্ৰৰোচিত লাঠী চালনা কৰিছে।

ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত যৌথ আন্দোলনকাৰীয়ে ((JMACAB)) দিয়া বন্ধ আজিও অব্যাহত আছে।

চৰকাৰে কালিৰ পৰা ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে যদিও আন্দোলনকাৰী আজিও সমবেত হ’বলৈ এৰা নাই। আজি পুৱা ৰাজ্যখনৰ জনজাতীয় ছাত্ৰ আৰু খিলঞ্জীয়া ৰাজনৈতিক দলবোৰৰ সমৰ্থকসকলে উত্তৰ গেইট (North gate) অঞ্চলত গোট খাই পথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত সকলো ৰে’লসেৱা বাতিল কৰা হয়। আজি হ’ব লগীয়া পৰীক্ষাবোৰো বাতিল কৰা হয়।

অৱশ্যে ৰাজধানী ত্ৰিপুৰাত বন্ধ বা আন্দোলনৰ ঘটনা কমকৈ দেখা যায়।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে বন্ধৰ প্ৰভাৱ পৰা নাই বুলি মন্তব্য কৰি ত্ৰিপুৰাৰ উন্নয়ন নিবিচৰাসকলেহে বন্ধৰ আহ্বান দিছে বুলি মন্তব্য কৰে।

ৰাজ্য চৰকাৰ পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি কংগ্ৰেছে চৰকাৰখনৰ পদত্যাগ দাবী কৰিছে।

১০ ডিচেম্বৰত চৰকাৰৰ অংশীদাৰ দল আই পি এফ টিৰ ছজনীয়া সদস্যৰ এটা দল কেন্দ্ৰীয় গৃহ মন্ত্ৰীক লগ ধৰি বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত আলোচনা কৰিবলৈ নতুন দিল্লীলৈ গৈছে। দলটোৰ সাধাৰণ সম্পাদক মংগল দেববাৰ্মাই জনাইছে যে এই আলোচনা সফল নহ’লে দলটো বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব।